ওদালগুৰিত বিনামূলীয়া স্বাস্থ্য শিবিৰ...

ভাৰতীয় জনতা যুৱ মৰ্চা ওদালগুৰি জিলা সমিতি আৰু প্ৰয়াস এন জি অৰ বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত বিনামূলীয়া স্বাস্থ্য শিবিৰ...

ডিজিটেল সংবাদ, ওদালগুৰি : ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৬ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈকে "সামাজিক ন্যায় সপ্তাহ" কাৰ্যসূচী পালন কৰা হয়। ভাৰতীয় জনতা যুৱ মৰ্চা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ৰৌতা মণ্ডল যুৱ মৰ্চা আৰু প্ৰয়াস এন জি অৰ সহযোগত ওদালগুৰিৰ নলবাৰীত এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত হয়।

Advertisment

শতাধিক ৰোগীৰ চিকিৎসা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণো কৰা হয়। কাৰ্যসূচীৰ দ্বাৰা সাধাৰণ জনতাৰ সৈতে উমৈহতীয়া সংযোগ স্থাপন আৰু সামাজিক দায়বদ্ধতা বজাই ৰখাৰ বাবেই এনে জনহিতকৰ কাৰ্যসূচী ৰূপায়ন কৰে প্ৰয়াস এন জি অ আৰু বিজেপি যুৱ মৰ্চাই। কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ওদালগুৰি জিলা বিজেপিৰ সভাপতি শোণিল কুমাৰ বসুমতাৰী।

যুৱ মৰ্চা আৰু প্ৰয়াস এন জি অই গ্ৰহণ কৰা স্বাস্থ্য সেৱাৰ পদক্ষেপৰ শলাগ লই সামাজিক দায়বদ্ধতাৰ পৰিচায়ক বুলি মন্তব্য কৰে। পুৱা ১১ বজাৰ পৰা নলবাৰীৰ ক্লাবত আয়োজিত স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও স্বাস্থ্য কৰ্মী। এই স্বাস্থ্য সেৱা আগবঢ়ায় নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ধনশ্ৰীঘাটৰ চিকিৎসক ৰিজুষ্মীতা বৈশ্য, সামূহিক স্বাস্থ্য বিষয়া জয়া বৰুৱা, ফাৰ্মাচীছ বুলেন মাহাতো, লেবৰেটৰী টেকনিচিয়ান দিব্যজ্যোতি ছহৰীয়া আৰু ষ্টাফ নাৰ্ছ ৰিমপাশ্ৰী নাথ।

লগতে অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াস এন জি অৰ সভাপতি যতীন ডেকা আৰু সম্পাদক প্ৰণৱ কোচ। আয়োজক হিচাপে অনুষ্ঠান উপস্থিত থাকে ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি সমৰ হাজৰিকা, ৰৌতা মণ্ডল বিজেপিৰ সভাপতি চৰণ নাৰ্জাৰী, সমাজ সেৱক চমলা দৈমাৰী, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত চক্ৰবৰ্তী, সম্পাদক নিতু শইকীয়া, সম্পাদক নিপজ্যোতি বৰুৱা, ৰৌতা মণ্ডল যুৱ মৰ্চাৰ সভাপতি সিতেষ সেন, ৰৌতা মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বিকি বড়ো উপস্থিত থাকে।

Also Read: নগাঁৱৰ সাত নৃত্য শিল্পীৰ সফলতা...

BJP Youth Morcha bharatiya janata party