/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1bfc6e7f-65df-4543-bfcf-95c4c72c2c7d/Dance.jpg)
ডিজিটেল সংবাদ, নগাঁও : বঙাইগাঁৱত অনুস্থিত হোৱা আন্তঃৰাষ্ট্ৰীয় নটৰাঞ্জলী নৃত্য মহোৎসৱ ২০২৩ত নগাঁও জিলাৰ দক্ষিণপাটৰ এগৰাকী নৃত্যসাধক তথা নৃত্য গুৰু পাৰ্থ প্ৰতিম দাসে 'অসম গৌৰৱ' বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে কেইবাবাৰো আন্তঃৰাষ্ট্ৰীয় নৃত্য কলাগুৰু বিভূতি সন্মান আৰু ভাৰতীয় নৃত্য গুৰু বঁটাৰ দৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল পাৰ্থপ্ৰতিম দাসে।
উল্লেখ্য যে, পাৰ্থপ্ৰতিম দাসৰ লগতে নটৰাঞ্জলি নৃত্য মহোৎসৱত নগাঁৱৰ জিনা ৰশ্মি শইকীয়াই নৃত্যাশ্ৰী বঁটা, পংখী দাসে নৃত্যাশ্ৰী বঁটা, নীলাঞ্জনা বেজবৰুৱাই নৃত্যাশ্ৰী বঁটা, ভাৰ্গৱী বৰাই নৃত্যাশ্ৰী বঁটা, অনুষ্কা দাসে নৃত্যাশ্ৰী বঁটা আৰু লাকী হাজৰিকাই নৃত্য কলা বিভূষণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত মহোৎসৱত নগাঁৱৰ আটাইকেইগৰাকী নৃত্য শিল্পীয়ে ভাৰত নাট্যম, বিহু নৃত্য, আধুনিক নৃত্য আৰু কথক নৃত্য পৰিৱেশন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d14179b1-ef98-4ed2-97b0-4dd607c7919b/WhatsApp_Image_2023_04_12_at_5_16_44_PM.jpeg)
নগাঁৱৰ আটাইকেইগৰাকী নৃত্য শিল্পীৰ সফলতাত এতিয়া স্বাভাৱিকতেই নগাঁওবাসী উৎফুল্লিত হৈ পৰিছে। আগলেও এনেদৰে আগবাঢ়ি যাবলৈ নগাঁও বাসীয়ে শুভেচ্ছা জ্ঞাপন কৰে।