ধন লওতেই গ্ৰেপ্তাৰ অচি সনৎ‍ মুদৈ, চৰকাৰী আৱাসৰ পৰা জব্দ ১৭ লাখ ৭৪ হাজাৰ ৫০০ টকা

ধন লওতেই গ্ৰেপ্তাৰ অচি সনৎ‍ মুদৈ, চৰকাৰী আৱাসৰ পৰা জব্দ ১৭ লাখ ৭৪ হাজাৰ ৫০০ টকা

author-image
Asomiya Pratidin
New Update
ধন লওতেই গ্ৰেপ্তাৰ অচি সনৎ‍ মুদৈ,  চৰকাৰী আৱাসৰ পৰা জব্দ ১৭ লাখ ৭৪ হাজাৰ ৫০০ টকা

ডিজিটেল ডেস্কঃ ডকমকা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক গ্রেপ্তাৰ। ধন লওঁতেই আৰক্ষী বিষয়াগৰাকীক হাতে-লোটে গ্রেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। গ্রেপ্তাৰ হোৱা OC গৰাকী সনৎ‍ মুদৈ বুলি জানিব পৰা গৈছে।

Advertisment

মুদৈৰ বিৰুদ্ধে মালবাহী ট্রাকৰ পৰা ধন লোৱাৰ অভিযোগ আছে। চিমেণ্ট কঢ়িওৱা ট্রাকৰ অভিযোগৰ ভিত্তিত চলাইছিল দুৰ্নীতি নিবাৰক শাখাই। আৰক্ষী বিষয়াগৰাকীৰ পৰা নগদ বৃহৎ‍ পৰিমাণৰ ধন জব্দ।

বিষয়াগৰাকীৰ চৰকাৰী আবাসৰ পৰা নগদ ১৭ লাখ ৭৪ হাজাৰ ৫০০ টকা জব্দ কৰিছে দুৰ্নীতি নিবাৰক শাখাই।

এখন ট্রাকৰ পৰা ৪ হাজাৰ টকা উৎ‍কোচ লৈছিল সনৎ‍ মুদৈয়ে। ট্রাকখনৰ পৰা OC মুদৈয়ে দাবী কৰিছিল ৪০ হাজাৰ টকা। কাৰ্বি আংলঙৰ ডকমকা আৰক্ষীৰ থানাৰ OC মুদৈ।

Also Read: মণিপুৰ নহয়, ইজৰাইলৰ কাষত মোডী...

Assam police