সীমাহীন বৰ্বৰতা, নৃশংসতাৰ বলি হৈছে মণিপুৰৰ লাখ লাখ জনতা। কিছুমান বিভৎস দৃশ্যই বুকু কপাই তুলিছিল সমগ্ৰ বিশ্বৰ। চকুপানী,ভয়,হিংসা পয়োভৰত শান্তিৰ উশাহ বিচাৰি পোৱা কঠিন হৈ পৰিছে আমাৰ চুবুৰীয়া ৰাজ্যখনত।
যোৱা ৪ মে'তে সংঘটিত হোৱা এই গোষ্ঠীগত সংঘৰ্ষ এতিয়ালৈকে শাম কটাৰ নাম লোৱা নাই। বৰ্তমানো ৰাজ্যখনত কৰ্তন আছে ইন্টাৰনেট সেৱা। কিছুদিন পূৰ্বে ইন্টাৰনেট সেৱা মুকলি হোৱাৰ পাছতেই পুনৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এক গাৰ নোম শিঁয়ৰি উঠা দৃশ্য।
এখন ফটোত দেখা গৈছিল দুটা শিশু, তেওঁলোকৰ পাছফালে অস্ত্ৰ লৈ থিয় হৈ আছিল দুজনলোক। আনটো ফটোত দেখা গৈছিল শিশুদুটি মাটিত পৰি আছে। হত্যা কৰা হৈছিল শিশুদুটিক। যাৰ বাবে পুনৰ জ্বলি উঠিছিল মণিপুৰ।
কোন আছে মণিপুৰৰ কাষত? সৰু সৰু শিশুৱে হাতত প্লে' কাৰ্ড লৈ ন্যায় বিচাৰিবলগীয়া হৈছিল প্ৰধানমন্ত্ৰী মোডীক। মণিপুৰৰ জুই নুমৱাবলৈ সক্ষম হোৱা নাছিল মোডী-অমিত শ্বাহ। শান্তি ৰক্ষাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে মণিপুৰ ভ্ৰমণ কৰিছিল যদিও কোনো কাম দিয়া নাছিল। সকলোৱে বিচাৰিছিল প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ।
মণিপুৰৰ ছবি আৰু পৰিস্থিতি অনুমানৰ বাহিৰত। সংঘৰ্ষৰ সময়ত কিমান লোকক হত্যা কৰা হৈছিল, কিমান মহিলাক ধৰ্ষণ কৰা হৈছিল তাৰ হিচাপ হয়তো কাৰো ওচৰত নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অংগ মগলু কুঁৱৰী কুৰংগনয়নীৰ পিতৃ ৰাজ্যত পদে পদে যেন মৃত্যুৰ বিভীষিকা।
পোহৰলৈ আহিছিল আন এটা ভিডিঅ'। য'ত দেখা গৈছিল মানৱৰূপীৰ জঘন্য কাণ্ড। মণিপুৰৰ পৰিৱেশ কিমান ভয়াৱহ, কিমান পাশৱিক এই ভিডিঅ'ই প্ৰমাণ কৰি দিছিল। এদল লোকে দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰিছিল। উলংগ মহিলাকেইগৰাকীৰ গুপ্তাংগত স্পৰ্শ কৰি বন্যাল্লাস কৰিছিল পাষাণহতে।
এক ঘৃণনীয়, জঘন্য দৃশ্য। এই দৃশ্য চাই মানুহে কবলৈ বাধ্য হৈছিল উফ মানুহ ইমান তললৈ কেনেকৈ নামিব পাৰে। এয়া মাথো এট উদাহৰণ। মণিপুৰৰ ৰাজপথৰ পদে পদে যেন এনে নৃশংসতাৰ বজাৰ। এয়া কেৱল কেইটামান ঘটনাহে। মণিপুৰৰ বৰ্বৰতাৰ বাখ্যা দিবলৈ যেন ভাষাৰ অভাৱ।
সকলোৱে বিচাৰিছিল এবাৰ মোডীয়ে মাত মাতক। কিন্তু মোডীয়ে মণিপুৰৰ দৃশ্য দেখিছিল ৮০ দিন পাছত। হিংসা, দুৰ্দশাত ককবকাই থকা মণিপুৰক লৈ মোডীয়ে ৮০ দিন পাছত মাত মাতিছিল। সময় আছিল কেৱল ৩০ ছেকেণ্ড।
তাৰপাছত বিৰোধীয়ে আনিছিল অনাস্থা প্ৰস্তাৱ। এই অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিবলৈ গৈ মোডীয়ে প্ৰায় ২ ঘন্টা সময় বিৰোধীক ইতিকিং কৰি মণিপুৰৰ বাবে কৈছিল মাত্ৰ কেইষাৰমান। তাতেই শেষ মোডীৰ অষ্টলক্ষ্মীক লৈ চিন্তা। তেতিয়াৰ পৰা বৰ্তমানলৈকে মণিপুৰক লৈ আৰু চিন্তিত হোৱা নাই মোডী।
এই সকলোবোৰৰ মাজতেই আন এঠাইত আৰম্ভ হৈছে নৰসংহাৰ। ইজৰাইল-হামাছৰ যুদ্ধই বিশ্ববাসীক চিন্তিত কৰি পেলাইছে। এই যুদ্ধত এতিয়ালৈকে প্ৰায় ২০০০ লোকৰ মৃত্যু হৈছে। নৃশংসতাৰ আন এক ছবিৰ সাক্ষী হ'ল বিশ্ববাসী।
অত্যাচাৰ চলোৱা হৈছে মহিলাৰ ওপৰত, মৃত্যু হৈছে শিশুৰ। যুদ্ধ মানেই যেন মৃত্যুৰ কিৰিলী সেয়া প্ৰমাণ কৰিছে ইজৰাইল-হামাছৰ যুদ্ধই । মানুহক হত্যা কৰাৰ অঘোষিত প্ৰতিযোগীতা চলিছে ইজৰাইল-হামাছত। মূল্যহীন হৈ পৰিছে মানুহৰ জীৱন।
এই সকলোবোৰৰ মাজতেই ইজৰাইলৰ কাষত থিয় দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। হামাছে ইজৰাইলক আক্ৰমণ কৰাৰ কেইঘন্টামান পাছতেই ইজৰাইলৰ হৈ মাত মাতিছে মোডীয়ে।
ঘটনাৰ বিষয়ে সমবেদনা জ্ঞাপন কৰি মোডীয়ে টুইট কৰি কৈছিল যে- এই কঠিন সময়ত আমি ইজৰাইলৰ লগত আছো। ইয়াৰ লগতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপৰ কথা উল্লেখ কৰি মোডীয়ে কৈছিল ,ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদক তীব্ৰভাৱে গৰিহণা দিয়ে।
ইয়াৰ পাছতে মোডীক সমালোচনা কৰিছে এনচিপিৰ অধ্যক্ষ শাৰদ পাৱাৰে। তেওঁ কৈছে , ইজৰাইলক লৈ তৎপৰ হৈ পৰা বিজেপিৰ নেতা সকলক স্মৰণ কৰি দিয়াৰ প্ৰয়োজন যে মণিপুৰ ভাৰতত আছে। তেওঁলোকে ইজৰাইলৰ ঘটনাক লৈ লগে লগে বিবৃতি দি সমবেদনা জ্ঞাপন কৰিছে কিন্তু মণিপুৰৰ জনসাধাৰণৰ বেদনা আৰু কষ্টৰ ওপৰত কথা ক'বলৈ লজ্জাজনকভাৱে ব্যৰ্থ হৈছে বিজেপি। লগতে তেওঁ কয় যে, পৃথিৱীৰ যিকোনো ঠাইতে নিৰীহ লোকক হত্যা কৰাটো গ্ৰহণযোগ্য নহয় আৰু ই অত্যন্ত নিন্দনীয়।
তেওঁ কয়, তেওঁলোকে মণিপুৰক লৈ একো নক'লে। তেওঁলোকৰ বাবে কূটনৈতিক সম্পৰ্ক গুৰুত্বপূৰ্ণ। কিন্তু বিজেপিয়ে বুজা উচিত যে মাতৃভূমিৰ লোকসকলৰ সুৰক্ষা অধিক গুৰুত্বপূৰ্ণ।
কিয় বাৰে বাৰে দিল্লীয়ে হেয় দৃষ্টিৰে চাই উত্তৰ-পূৱক? যুদ্ধ কাৰো কাম্য নহয়, নৰসংহাৰো নিবিচাৰে কোনোৱে। কিন্তু ইজৰাইলৰ প্ৰতি চিন্তিত হৈ পৰা মোডীয়ে সময় নাপালে মণিপুৰক লৈ।
এয়া আজিৰ কথা নহয়। বছৰ বছৰ ধৰি উত্তৰ-পূৱক মাহীমাকৰ দৃষ্টিৰে চাই আহিছে দিল্লীয়ে। মোডীয়ে যিমান বাৰেই উত্তৰ-পূৱ ভ্ৰমণ কৰাৰ হিচাপ নিদিওক কিয়, বিপদৰ সময়ত কিন্তু উত্তৰ-পূৱ অকলশৰীয়া হৈ পৰে।
যেনেকৈ এতিয়া অকলশৰীয়া হৈ পৰিছে মণিপুৰ। দেশৰ পৰা যেন বিচ্চিন্ন হৈ পৰিছে ৰাজ্যখন। চুবুৰীয়া ৰাজ্যখনৰ জনতাই কি সহিছে, কি অনুভৱ কৰিছে সেয়া আনে অনুমান লগোৱাতো সহজ নহয়।
তেজৰ ফাকু খেলিবলৈ মণিপুৰক এৰি দিছে দিল্লীয়ে। এক ভয়ংকৰ পৰিস্থিতিৰ পাছত মণিপুৰক লৈ শুই পৰা দিল্লীয়ে হঠাৎ সাৰ পাইছে ইজৰাইলৰ বাবে।
এতিয়া যেন জনতাই কবলৈ, বুজিবলৈ বাধ্য হৈছে দিল্লীৰ পৰা উত্তৰ-পূৱ সঁচাকৈয়ে দূৰ বুলি। কূটনৈতিক সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত মোডী চৰকাৰ কিছু পৰিমাণে সফল হ'লেও বিফল হৈছে মাতৃভূমিৰ সন্তানক ৰক্ষা কৰাত। মণিপুৰ অশান্ত, উত্তৰ-পূৱ অকলশৰীয়া। কেৱল নিৰ্বাচনৰ সময়ত উত্তৰ-পূৱক মনত কৰা চৰকাৰখনে এবাৰ ভাৱক মণিপুৰৰ কথাও।
মণিপুৰ হওক বা ইজৰাইল, সকলোতে কেৱল এতিয়া মানুহ মৰিছে। কেৱল ইজৰাইল নহয়, মণিপুৰৰ ৰাইজৰ কাষতো থিয় দিয়ক মোডীয়ে। নহ'লে উত্তৰ-পূৱৰ জনতাই মনত ৰাখিব- এজন প্ৰধানমন্ত্ৰী আছিল, যিয়ে মণিপুৰক তেজৰ ফাকু খেলিবলৈ এৰি দিছিল।