নুমলীগড় শোধনাগাৰৰ অৰ্থ সাহাৰ্যৰে গোলাঘাটৰ লোকনিৰ্মান বিভাগৰ দায়িত্বত পথ নিৰ্মান...

নুমলীগড় শোধনাগাৰৰ অৰ্থ সাহাৰ্যৰে গোলাঘাটৰ লোকনিৰ্মান বিভাগৰ দায়িত্বত পকীপথ নিৰ্মানৰ শুভাৰম্ভ বিধায়ক বিশ্বজিৎ ফুকনৰ
নুমলীগড় শোধনাগাৰৰ অৰ্থ সাহাৰ্যৰে গোলাঘাটৰ লোকনিৰ্মান বিভাগৰ দায়িত্বত পথ নিৰ্মান...

ডিজিটেল সংবাদ, নুমলীগড়: নুমলীগড় শোধনাগাৰৰ অৰ্থ সাহাৰ্যৰে গোলাঘাটৰ লোকনিৰ্মান বিভাগৰ দায়িত্বত পকীপথ নিৰ্মানৰ শুভাৰম্ভ। নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ অৰ্থ সাহাৰ্যৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰমৰ পৰা বুঢ়াগোহাঁইখাট পথ আৰু লেটেকুজান বাগিছা ফেক্টৰীৰ পৰা পংকা গাওঁ পথৰ নিৰ্মানৰ আজি শুভাৰম্ভ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে

শুভাৰম্ভ কাৰ্যসুচীত নুমলীগড় শোধনাগাৰৰ মহাপ্ৰবন্ধক মিন্টু কুমাৰ সন্দিকৈ, উপ- মহাপ্ৰবন্ধক বিশ্বজিৎ বৰা, লোকনিৰ্মান বিভাগৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সহ স্থানীয় ৰাইজ উপস্থিত থাকে ৷

উক্ত শুভৰাম্ভ অনুষ্ঠানত বিধায়কজনে নুমলীগড় আৰক্ষী চকীক থানালৈ উন্নীত কৰাৰ পিছত এই আৰক্ষী থানা খনক আদৰ্শ থানা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছে বুলি মন্তব্য কৰে ৷ আইন-শৃংখলাজনীত সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি নুমলীগড় থানাক অধিক শক্তিশালী কৰিব বুলিও উল্লেখ কৰে বিধায়কজনে।

নুমলীগড় শোধনাগাৰৰ অৰ্থ সাহাৰ্যৰে গোলাঘাটৰ লোকনিৰ্মান বিভাগৰ দায়িত্বত পথ নিৰ্মান...
চতিয়াত নদীৰ গাইডবান্ধ আৰু দুৰ্নীতি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in