ডিজিটেল সংবাদ, জামুগুৰিহাটঃ বাৰিষা আহিলেই বুকু কপি উঠে এটা অঞ্চলৰ শতাধিক জনতাৰ ৷ এবছৰ দুবছৰ নহয় প্ৰতি বছৰ বাৰিষাৰ বতৰতে পানীৰ মাজত আৱদ্ধ হ’বলগীয়া হয় এই সকল লোক ৷
বিশ্বনাথ সমষ্টিৰ চতিয়াৰ শান্তিপুৰ গাঁৱৰ লোক সকলৰ এই অৱস্থা হয় ৷ গাওঁখনৰ কাষৰে বৈ গৈছে ঘিলাধাৰী নৈ ৷ কিন্তু নৈ খনৰ কাষত নাই কোনো গাইডবান্ধ ৷ যাৰ ফলত বাৰিষাৰ বতৰত নৈ খনত ওফন্দি অহা পানী সহজেই প্ৰবেশ কৰি গাওঁখনক জলমগ্ন কৰি তোলে ৷
এনে অৱস্থাৰ বাবে গাৱঁখনৰ জনতা প্ৰতি বাৰিষাতে গৃহবন্দী হৈ আহিবলগীয়া হৈছে আৰু সমান্তৰালভাৱে এলেকাটোৰ শ শ বিঘা কৃষি ভূমি চন পেলাই ৰাখিবলগীয়া অৱস্থাৰ সৃষ্টি হৈ আহিছে ৷ এনে অৱস্থাৰ নিৰ্মূলৰ বাবে ইয়াৰ ৰাইজে দীৰ্ঘদিনৰ পৰা স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধৰ পিছত নৈ খনৰ পাৰত গাইডবান্ধ নিৰ্মাণৰ বাবে বিগত বৰ্ষত পঞ্চায়তৰ জৰিয়তে আৱন্টন দিয়া হৈছিল সাত লাখ পঞ্চাশ হাজাৰ টকা।
লগতে এই কামৰ দায়িত্ব অৰ্পণ কৰা হৈছিল স্বৰূপ উপাধ্যায় নামৰ এজন লোকক ৷ কিন্তু নৈ খনৰ এটি পাৰে নামমাত্ৰ কেইপাচীমান মাটি পেলাইয়ে স্বৰূপে আত্মসাৎ কৰে সমুদায় টকা ৷ যাৰ ফলত বাৰিষাৰ আগমনৰ লগেলগে পুনৰ পূৰ্বৰ একে পৰিবেশৰ সৃষ্টি হোৱাৰ আশংকাত ভুগিছে এতিয়া এইসকল লোক ৷ ইয়াৰ জনতাই এই ক্ষেত্ৰত উপযুক্ত তদন্তৰ দাবী কৰি এই সমস্যা নিৰ্মূলৰ আহ্বান জনাইছে ৷