/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ডিজিটেল সংবাদ, নুমলীগড়ঃ গোলাঘাটৰ মৰঙিত তীব্ৰ ৰূপত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ মাত্ৰ এটা দিনৰ পূৰ্বে ২নং বুঢ়াগোহাঁইখাটত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যুৰ পিছত পুনৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ সমীপৰ "পোৰাবঙলাৰ পাৰ্বতীপুৰ" গাৱঁত ওৰেৰাতি এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই তিনিটাকৈ পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰি পৰিয়ালকেইটাক গৃহহীন কৰে৷
পাৰ্বতীপুৰ গাৱঁৰ চিবু তাঁতী, জিতেন উৰাঙ আৰু দ্ৰোণ মুণ্ডাৰ বাসগৃহ সম্পূৰ্ণ ভাঙি তহিলং কৰে৷ কথমপি পৰিয়ালকেইটাৰ লোকসকল প্ৰাণ লৈ পলাই যাবলৈ সক্ষম হয়৷ কাষতে থকা বকিয়াল বন বিভাগৰ লোকে হাতীৰ পৰা গাৱঁৰলোকসকলক নিৰাপত্তা দিয়াত ব্যৰ্থ হয়৷ ইয়াকে লৈ বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী৷
Also Read: মেৰাপানীত বিত্তমন্ত্ৰী অজন্তা নেওগ