মেৰাপানীত বিত্তমন্ত্ৰী অজন্তা নেওগ

মেৰাপানীত বিত্তমন্ত্ৰী অজন্তা নেওগ

author-image
Asomiya Pratidin
New Update
মেৰাপানীত বিত্তমন্ত্ৰী অজন্তা নেওগ

ডিজিটেল সংবাদ, মেৰাপানীঃ সমাগত লোকসভা নিৰ্বাচনক লৈ যুদ্ধংদেহি প্ৰস্তুতি বিজেপি দলৰ। শুকুৰবাৰে মেৰাপানীত উপস্থিত হয় ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ। এখন কৰ্মী সভাত উপস্থিত হৈ লোকসভা নিৰ্বাচনৰ যুঁজৰ বাবে সাজু হোৱাৰ বাবে দলীয় কৰ্মীক আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।

Advertisment

মন্ত্ৰী নেওগে সাংবাদিকৰ আগত কাজিৰঙা সমষ্টিত কেইবা লাখ ভোটত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা জয়ী হ'ব বুলি মন্তব্য কৰাৰ লগতে এই নিৰ্বাচন মোডী বনাম উন্নয়ণৰ নিৰ্বাচন বুলি অৱগত কৰে।

তেওঁ পুনৰ কয় যে ৰাইজে উন্নয়ণ দেখি বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। মোডীৰ উন্নয়ণৰ প্ৰতি মানুহৰ উৎসাহ আছে। ইফালে কাজিৰঙা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই প্ৰায় পঞ্চাশ সহস্ৰাধিক সমৰ্থকক লৈ অহা ২৭ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে।

Also Read: এমুঠি অন্নৰ বাবে অন্নশনত বহিল গোলাঘাটৰ চাহ বাগিচাৰ শ্ৰমিক

merapani loksabha election ajanta neog