নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন…

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন…

author-image
asomiyapratidin
New Update
নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন…

প্ৰতিদিন ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বুধবাৰে ১৬ খন ভিন্ন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী সকলে নিজা প্ৰচেষ্টাৰে এই প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰে।

Advertisment

বুধবাৰে আনুষ্ঠানিকভাৱে এই প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে শ্ৰণী সমূহৰ প্ৰতিনিধি সকলে। পৰ্যৱেক্ষণ কৰে শিক্ষক মানস জ্যোতি গগৈ, জোন্তী বৰাই। উল্লেখ্য যে দেশত ৩ দিনীয়াকৈ আয়োজন কৰা হৈছে স্বাধীনতা দিৱস। তাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰৰ পৰা আৰম্ভ হৈছে ত্ৰিৰংগা যাত্ৰা।

আৰু পঢ়ক : 'ডাইৰেক্টৰ হাটাও মানাহ বচাও' শ্লʼগানেৰে উত্তাল প্ৰতিবাদ…

wall magazine assam numaligarh himanta biswa sarma