‘ডাইৰেক্টৰ হাটাও মানাহ বচাও’ শ্লʼগানেৰে উত্তাল প্ৰতিবাদ…

‘ডাইৰেক্টৰ হাটাও মানাহ বচাও’ শ্লʼগানেৰে উত্তাল প্ৰতিবাদ…

প্ৰতিদিন ডিজিটেল সংবাদ : বৃহত্তৰ মানাহ সংৰক্ষণ আৰু পৰ্যটন উন্নয়ন সমাজৰ উদ্যোগত ১ ঘন্টীয়া অভিনৱ অৰ্ধ উলংগ আৰু মুণ্ডন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকৰ বদলি কৰণৰ দাবীত ১ ঘন্টীয়া অভিনৱ অৰ্ধ উলঙ্গ আৰু মুণ্ডন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাছুল বৃদ্ধি হোৱাৰ বাবে প্ৰতিবাদত নামিল ১৪ টা কৈ দল-সংগঠন । ডাইৰেক্টৰ হাটাও মানাহ বাচাও, ডাইৰেক্টৰ হায় হায়, ডাইৰেক্টৰ লেই লেই চেই চেই, ডাইৰেক্টৰ গʼবেক আদি শ্লʼগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে ।

বুধবাৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ধাৰাবাহিক ভাবে আন্দোলন অব্যাহত থাকিব বুলিও মন্তব্য কৰে প্ৰতিবাদী সংগঠনকেইটাই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in