নুমলীগড় উপ আৰক্ষী থানা পূৰ্ণাংগ থানালৈ উন্নীত হোৱাত উৎফুল্লিত ৰাইজ

নুমলীগড় উপ আৰক্ষী থানাক ইতিমধ্যে চৰকাৰে আৰক্ষী থানালৈ উন্নীত কৰাত

author-image
Asomiya Pratidin
New Update
নুমলীগড় উপ আৰক্ষী থানা পূৰ্ণাংগ থানালৈ উন্নীত হোৱাত উৎফুল্লিত ৰাইজ

ডিজিটেল সংবাদ,গোলাঘাট : নুমলীগড় উপ আৰক্ষী থানাক ইতিমধ্যে চৰকাৰে আৰক্ষী থানালৈ উন্নীত কৰাত নুমলীগড়বাসীৰ দীৰ্ঘদিনীয়া আশা পূৰ্ণ হ'ল। যাৰ বাবে এতিয়া নুমলীগড়বাসী ৰাইজ উৎফুল্লিত হৈছে ।

Advertisment

১৯৯৫ চনত নুমলীগড় শোধনাগাৰৰ সমীপত বিষ্ণুপুৰত নুমলীগড় উপ আৰক্ষী থানা স্থাপন হৈছিল । ১৯৯৫ চনৰ পৰা নুমলীগড় উপ আৰক্ষী থানাৰ আৰক্ষীসকলে বৃহত্তৰ এলেকাৰ অপৰাধ নিয়ন্ত্ৰণ কৰি জনহিতাৰ্থে সেৱা আগবঢ়াই আহিছে।

১৯৯৫ চনৰ পৰা সুদীৰ্ঘ সময়ৰ পাছত উপ আৰক্ষী থানাৰ পৰা পূৰ্ণ আৰক্ষী থানা হোৱাত নুমলীগড়বাসীয়ে মুখ্যমন্ত্ৰী তথা চৰকাৰক ধন্যবাদ জনায়। লগতে নুমলীগড় আৰক্ষী থানাৰ আন্তঃগাঠনি উন্নীত কৰাৰ আহ্বান জনায়।

Also Read: সাংবাদিক প্ৰয়াত কৌস্তুভমণি হাজৰিকা সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

Assam police Police Station