সাংবাদিক প্ৰয়াত কৌস্তুভমণি হাজৰিকা সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

ডি আৰ কলেজৰ নীলভ নয়ন সন্দিকৈয়ে লাভ কৰে শ্ৰেষ্ঠ স্থান
সাংবাদিক প্ৰয়াত কৌস্তুভমণি হাজৰিকা সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

ডিজিটেল সংবাদ,গোলাঘাটঃ মঙ্গলবাৰে গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত মহাবিদ্যালয় শিক্ষক গোটৰ সহযোগিতাত অনুষ্ঠিত হৈ যায় কবি, সাংবাদিক, সাহিত্যক কৌস্তুভমণি হাজৰিকা সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা । 'প্ৰগতিশীল আৰু স্বচ্ছ ৰাষ্ট্ৰ নিৰ্মাণত মূল্যবোধৰ সাংবাদিকতাৰ ভূমিকা' শীৰ্ষক প্ৰতিযোগিতখনিত অসমৰ বিভিন্ন বিদ্যালয, মহাবিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

পুৱাৰ ভাগত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা মালামণি গোস্বামীয়ে। স্মৃতি তৰ্পন অনুস্থানত অংশগ্ৰহণ কৰে প্ৰয়াত সাংবাদিকগৰাকীৰ পত্নী ৰশ্মিতা শইকীয়া আৰু হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তপন শইকীয়াই।

বৃক্ষৰোপন কাৰ্য্যসূচী সম্পন্ন কৰে এগৰাকী উদ্যোগী কৃষক দেৱজিৎ গগৈয়ে। ১১ বজাত প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি আহমেদ হুছেইন য়ে আঁত ধৰা বক্তৃতা প্ৰতিযোগিতাৰ উদ্বোধন কৰে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বিপুল চন্দ্ৰ ভূঞাই।

দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° পৰেশ চন্দ্ৰ দত্তই সঞ্চালনা কৰা প্ৰতিযোগিতাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাকালীন অধ্যক্ষ অনিল শৰ্মা আৰু গোলাঘাট পূৰ্বাঞ্চলিক ছিনয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ অধ্যক্ষা মনোৰমা শইকীয়া। প্ৰতিযোগিতাখনিত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ছাত্ৰ নিলাভ নয়ন সন্দিকৈ প্ৰথম, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ কাশ্মিৰী বৰা দ্বিতীয়, কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্বায়ত্ৰী বৰা তৃতীয় আৰু বিচাৰকৰ বিশেষ বঁটা লাভ কৰে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অস্মিতা লাহনে।

প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক বলীন গগৈয়ে আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত স্থান লাভ কৰা সকলক নগদ ধন, ট্ৰফী, কৌস্তুভমণি হাজৰিকা ৰচিত দুখনি গ্ৰন্থ আৰু মান পত্ৰ জাগৰণ গ্ৰুপৰ তৰফৰ পৰা প্ৰদান কৰা হয়। জাগৰণ গ্ৰুপৰ তৰফৰ পৰা প্ৰবীন দাসে মন্তব্য আগবঢ়াই কয় যে জাগৰণ গ্ৰুপৰ প্ৰতিষ্ঠাৰ লগত জড়িত কৌস্তুভমণি হাজৰিকাৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত তেওঁৰ জন্মভুমি হাতীয়েখোৱা অঞ্চলত প্ৰতি বছৰে এখনি সদৌ অসম ভিত্তিত বক্তৃতা বা তৰ্ক প্ৰতিযোগিতা পতা হ'ব।

লগতে তেও কয় যে ১০ এপ্ৰিলত অসমৰ কেইবাজনো বিশিষ্ট সাহিত্যিক,শিক্ষাবিদৰ উপস্থিতিত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হ'ব যত তেওঁৰ সাহিত্য কৃতী সংকলনৰ লগতে তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ সমালোচনা আৰু তেওঁৰ শুভাকাংক্ষীসকলৰ লেখনিৰে এখনি স্মাৰক গ্ৰন্থ প্ৰকাশ পাব।

জানিবলৈ দিয়া মতে অনিল শৰ্মাক সভাপতি আৰু ৰঞ্জিত হাজৰিকাক মুখ্য সম্পাদক হিচাপে লৈ এখনি স্মৃতিচাৰণ ব্যৱস্থাপনা সমিতি গঠন হৈছে। জাগৰণ গ্ৰুপৰ উদ্যোগত আৰু বৃহত্তৰ হাতীয়েখোৱা অঞ্চলৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হব লগীয়া অনুষ্ঠানটিত সকলোৰে সহায় সহযোগিতা কামনা কৰে।

সাংবাদিক প্ৰয়াত কৌস্তুভমণি হাজৰিকা সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন
জল জীৱন আঁচনিৰ পৰা বঞ্চিত পশ্চিম লামডিঙৰ এটা বৃহওৰ অঞ্চল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in