/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/61d2c8e3-1f42-46f3-8e8d-a75391ff4527/accci.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : মঙলবাৰে নুমলীগড়ৰ দৈগ্ৰোং চাহ বাগিচাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী মেজিক বাহনৰ খুন্দাত এজন লোক থিতাতে নিহত হয়।
নিহত লোকজনৰ নাম বালি কৰ্মকাৰ বুলি জানিব পৰা গৈছে। বালি কৰ্মকাৰে বজাৰ কৰিবলৈ পথেৰে খোজকাঢ়ি আহি থকা অবস্থাত সন্মুখৰ পৰা তীব্ৰ বেগী মেজিক AS 25EC 8618 নম্বৰৰ বাহনখনে খুন্দিওৱাৰ ফলত থিতাতে মৃত্যু হয় ৷ই
তিমধ্যে নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চালকসহ বাহনখন জব্দ কৰিছে ৷