/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/21d5bb6b-ad9e-4bef-8f9c-33cbddc9b532/roaf.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় আৰক্ষী থানাৰ অধীনস্থ দেওপাহাৰৰ নামনিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আবেলি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ লোক থিতাতে নিহত হয় ৷
জানিব পৰা মতে, আজি আবেলি প্ৰায় পাঁচ বজাত নুমলীগড় তিনি আলি হৈ লৱনঘাটৰ দিশে গৈ থকা এএছ-০৯এচি-৮২২৪ নম্বৰৰ এখন অটোৰিক্সা আৰু লৱনঘাটৰ পৰা নুমলীগড় তিনিআলিৰ দিশে আহি থকা এএছ-০৫এচি-২৪৩৪ নম্বৰৰ ডাম্পাৰৰ মাজত দেওপাহাৰৰ নামনিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখামুখি সংঘৰ্ষ হয় ৷ ইয়াৰ ফলত অটো ৰিক্সাখন বিধ্বস্ত হৈ পৰাৰ লগতে ইয়াৰ চালক জুৱেল ইংতি[৩৩] আৰু আৰোহী দিলবাৰ তেৰাং[৩০]ৰ ঘটনাস্থলীতে মৃত্যু হয় ৷
দুৰ্ঘটনাৰ খবৰ পাই ইয়াৰ কিছু সময়ৰ ভিতৰতে নুমলীগড় আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে মৃত যুৱক দুজনৰ ঘৰ কাৰ্বিআংলঙৰ দেইথৰৰ সমীপৰ থিয়লাংছ’ত বুলি জনা যায় ৷
ইপিনে, দুৰ্ঘটনাৰ পিচতে ডাম্পাৰখন নুমলীগড় চাহ বাগিচাৰ ভিতৰ ভাগত এৰি থৈ চালকে পলায়ন কৰা বুলি প্ৰত্যক্ষদশয়ে জনাইছে৷ আজি দুৰ্ঘটনাগ্ৰস্ত অটোৰিক্সাখন আৰক্ষীয়ে জব্দ কৰে ৷