এখন হাতেৰে জীৱন সংগ্ৰামত ব্ৰতী ৰহাৰ আব্দুল...

জীৱন সংগ্ৰামৰ বাবেই ৰহাৰ এগৰাকী ব্যক্তিয়ে যুঁজ দিছে এখন হাতেৰে। আব্দুল ৰ'ব নামৰ এই ব্যক্তি গৰাকীৰ ঘৰ ৰহাৰ দীঘলিআটীত ৷

author-image
Asomiya Pratidin
New Update
এখন হাতেৰে জীৱন সংগ্ৰামত ব্ৰতী ৰহাৰ আব্দুল...

ডিজিটেল সংবাদ, ৰহা: পেটৰ ভাত মুঠিৰ বাবে সকলোয়ে সংগ্ৰাম কৰে। জীৱন যুদ্ধৰ বাবে সকলোৰে সংগ্ৰাম খন বেলেগ বেলেগ। বিভিন্ন পৰিস্থিতিত প্ৰত্যেকেই সুকীয়াকৈ জীৱন সংগ্ৰাম কৰি আহিছে।

Advertisment

জীৱন সংগ্ৰামৰ বাবেই ৰহাৰ এগৰাকী ব্যক্তিয়ে যুঁজ দিছে এখন হাতেৰে। আব্দুল ৰ'ব নামৰ এই ব্যক্তি গৰাকীৰ ঘৰ ৰহাৰ দীঘলিআটীত ৷ ভৰ যৌৱনতে ১৯৮৩/৮৪ চন মানত দুৰ্ঘটনাত পতিত হৈ এখন হাত হেৰুৱাইছিল আব্দুলে ৷ পিছে এখন হাত হেৰুৱাৰ পাচতো আব্দুল ৰ’ব থমকি নৰল । আনৰ ওপৰত আশা-ভৰষা কৰি বহি নাথাকিল ৷

প্ৰায় ১৯৯০ চন মানতেই ৰহাৰ পুৰণা চাৰিআলিৰ সমীপত এখন হাতৰেই আৰম্ভ কৰিলে চাইকেল মেৰামতি কৰা দোকান ৷ আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে এই চাইকেল মেৰামতি কৰা দোকানখনৰেই নিজৰ পৰিয়ালটো পোহপাল দি আহিছে।

অন্য সাধাৰণ সুস্থ সৱল লোকতকৈ কোনো গুণে কম নহয় আব্দুল। মনৰ দৃঢ়তা থাকিলে অসম্ভৱ বুলি যে একো নাই সেই কথা প্ৰমান কৰিছে ৰহাৰ দিঘলীআটিৰ মঃআব্দুল ৰ’বে ৷ উল্লেখ্য যে বিকলাঙ্গ সকলৰ বাবে বিভিন্ন ধৰণৰ আচঁ‌নি থাকিলেও এই আঁ‌চনি সমূহে ঢ়ুকি পোৱা নাই আব্দুল ৰ'ব নামৰ লোক গৰাকীক ৷

Also Read: বাৰে বাৰে অসমীয়াৰ স্বাভিমানক আঘাত! গামোচাক অপমান মালিগাওঁ বাংলা সাহিত্য সভাৰ...

ASSAM GOVERNMENT