Advertisment

নুমলীগড় শোধানাগাৰত শ্ৰমিকৰ প্ৰতিবাদ

নুমলীগড় শোধানাগাৰত থলুৱা শ্ৰমিকক কোনো কাৰণ নোহোৱাকৈ কামৰ পৰা ছাটাই দিছে কৰ্তৃপক্ষই। শ্ৰমিকক কাৰণ নোহোৱাকৈ কামৰ পৰা ছাটাই কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক সংঘই ।

author-image
Asomiya Pratidin
New Update
নুমলীগড় শোধানাগাৰত শ্ৰমিকৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ নুমলীগড় শোধানাগাৰত থলুৱা শ্ৰমিকক কোনো কাৰণ নোহোৱাকৈ কামৰ পৰা ছাটাই দিছে কৰ্তৃপক্ষই। শ্ৰমিকক কাৰণ নোহোৱাকৈ কামৰ পৰা ছাটাই কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক সংঘই । "নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়ন"ৰ উদ্যোগত প্ৰগতি দুৱাৰত দ্বাৰ-সভাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।

Advertisment

অসম আন্দোলনৰ ফছল ৮৫৫ জনৰো অধিক অসমীয়া তেজাল ডেকাৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হোৱা নুমলীগড় শোধনাগাৰত থলুৱা শ্ৰমিকৰ গুৰুত্ব নাই। বহিৰাগত একাংশ কোম্পানীয়ে বহিৰাগত শ্ৰমিক আনি থলুৱা শ্ৰমিকক কোনো কাৰণ নোহোৱাকৈ কামৰ পৰা অব্যহতি দিছে। যাৰ বাবে ক্ষোভিত হা পৰিছে শ্ৰমিকসকল।

TOYO নামৰ এটা কোম্পানীৰ পৰা উপ-ঠিকা লৈ নুমলীগড় শোধনাগাৰত কাম কৰা ভিএনচি নামৰ কোম্পানীৰ বিৰুদ্ধে অভিযোগ শ্ৰমিকৰ। ভিএনচি নামৰ কোম্পানীটোত ৩০০ৰো অধিক বহিৰাগত শ্ৰমিকৰ বিৰুদ্ধে অসমৰ থলুৱা শ্ৰমিক কেৱল ১৯ জনহে আৰু কোম্পানীটোত কৰ্মৰত ১৯ জন শ্ৰমিকৰ ১৮ জন শ্ৰমিকক কোনো কাৰণ নোহোৱাকৈ কামৰ পৰা অব্যাহতি প্ৰদান কৰে। যাৰ বাবে নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত "প্ৰগতি দুৱাৰ"ত এক প্ৰতিবাদী দ্বাৰ-সভা অনুষ্ঠিত কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ১৮ জনেই নহয় অসমৰ এজনো থলুৱা শ্ৰমিকক অন্যায় কৰা সহ্য কৰা নহ'ব বুলি নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে সকিয়নী প্ৰদান কৰে।

Also Read: কাজিৰঙাৰ জনাঞ্চলত এশিঙীয়া গঁড়

numoligarh refinery limited workers protest nrl