কাজিৰঙাৰ জনাঞ্চলত এশিঙীয়া গঁড়

কাজিৰঙাৰ জনাঞ্চলত এশিঙীয়া গঁড়

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা গঁড়ে আতংকৰ সৃষ্টি কৰে কাজিৰঙাৰ দাতিকাষৰীয়া ম'হপাৰা গাঁৱত‌‌। গাওঁখনৰ কৃষিভূমিত বিচৰণ কৰি থকা গঁড়টোক খেদি পঠিয়াবলৈ বন বিভাগে ব্যৱহাৰ কৰে বিভাগীয় কেইবাটাও হাতীক।

বহু সময় গৰুৰ জাকৰ মাজত কৃষিভূমিত বিচৰণ কৰি থকা গঁড়টোক অৱশেষত সুকলমে ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ সক্ষম হয় বনকৰ্মীৰ দলে। অৱশ্য গঁড়টোক লৈ পুৱাৰে পৰা অঞ্চলটোত আতংকৰ সৃষ্টি হয় যদিও গঁড়টোৱে কোনো ক্ষয় ক্ষতি নকৰাকৈ উদ্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাত স্বস্তিৰ নিশ্বাস পেলালে বনবিভাগ তথা স্থানীয় ৰাইজে। উল্লেখ্যে যে উক্ত অঞ্চলটোলৈ সততে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড়, হাতী ম'হ ওলাই আহি খেতিপথাৰত ব্যাপক ক্ষতিসাধন কৰি আহিছে।

কাজিৰঙাৰ জনাঞ্চলত এশিঙীয়া গঁড়
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই প্ৰশ্নকাকত ফাদিল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in