/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7230f752-ea40-4cb3-aaeb-35f72ba47b87/numaligarh.jpg)
numaligarh
ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ত এতিয়া বনৰীয়া হাতীয়ে চকুলো টুকাইছে মৰঙীৰ দুৰ্ভগীয়া ৰাইজক। পথাৰৰ পকা ধান শেষ হোৱাৰ লগে লগে এতিয়া মানুহৰ ঘৰ-দুৱাৰ ভাঙি এফালৰ পৰা বৃহৎ বন্যহস্তীৰ জাকে চলাইছে সন্ত্ৰাস।
পোৱালীসহ হাতীৰ এটা বৃহৎ জাকে সমগ্ৰ অঞ্চলটোত উপদ্ৰৱ চলাই ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ। কথমপী প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ। ইফালে বন্যহস্তীৰ আক্ৰমণত নিহত কেইবাটাও পশুধন।
হাতীৰ জাকে পৰিয়াল কেইটাৰ ঘৰ ভাঙি ঘৰৰ ভিতৰত থকা চাউল, ধান খাই অনিষ্ট কৰে। ওৰে নিশা হাতীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলায় অঞ্চলটোত। উজাগৰে থাকি নিজৰ খেতি দৰা, ঘৰখন ৰক্ষা কৰিব লগা হয় অঞ্চলবাসীয়ে।
আৰু পঢ়ক : পশুপালন বিভাগত চাকৰি দিয়াৰ নামত লাখ টকা সংগ্ৰহ, প্ৰৱঞ্চকৰ আত্মগোপন...