পশুপালন বিভাগত চাকৰি দিয়াৰ নামত লাখ টকা সংগ্ৰহ, প্ৰৱঞ্চকৰ আত্মগোপন...

চাকৰি দিয়াৰ নামত বহু যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ

author-image
Asomiya Pratidin
New Update
পশুপালন বিভাগত চাকৰি দিয়াৰ নামত লাখ টকা সংগ্ৰহ, প্ৰৱঞ্চকৰ আত্মগোপন...

assam

ডিজিটেল ডেস্ক : ৰাজ্যৰ পশুপালন বিভাগত নিবনুৱাক প্রৱঞ্চনা। চাকৰি দিয়াৰ নামত বহু যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ। প্রৱঞ্চক অসীম সৰকাৰে যুৱক-যুৱতীৰ পৰা সংগ্রহ কৰে বহু ধন। প্ৰায় ৫০ হাজাৰৰ পৰা ১ লাখ টকালৈকে চাকৰি দিয়াৰ নামত ধন সংগ্রহ কৰে অসীম সৰকাৰে।

Advertisment

উল্লেখ্য় যে যুৱক-যুৱতীসকলক ভেট এছিচটেণ্ট পদত চাকৰি দিয়াৰ প্রলোভন দিছিল প্রৱঞ্চক অসীমে। ভেটেনেৰি কাউন্সিলৰ অধ্যক্ষৰ হস্তাক্ষৰেৰে ভুৱা নিযুক্তি পত্র প্ৰস্তুত কৰিছিল অসমীক চৰকাৰে। টকা সংগ্রহৰ পিছত আত্মগোপন কৰি আছিল প্ৰৱঞ্চক অসীম সৰকাৰ।

ইতিমধ্যে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী যুৱক-যুৱতীয়ে। এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত গোচৰ ৰুজু নিৱনুৱা যুৱক-যুৱতীৰ। বাৰে বাৰে সংস্থাপনৰ বাবে এনে দুষ্টচক্ৰৰ হাতত বলি হ'ব লগা হৈছে বহু নিৱনুৱা।

আৰু পঢ়ক : মাজুলীত হ'ব দলং ! ভূমিপূজনত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...

assam animal husbandry veterinary department