সৰ্বভাৰতীয় স্তৰত ক্ৰীড়াত লামডিঙৰ সংগীতা বৰুৱাই কঢ়িয়াই আনিলে সোণ আৰু ব্ৰঞ্জৰ পদক

ৰাজ্যত ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে অসম তথা লামডিঙলৈ সুখবৰ । লামডিঙলৈ গৌৰৱ কঢ়িয়াই আনিলে লামডিঙৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ৷
সৰ্বভাৰতীয় স্তৰত ক্ৰীড়াত লামডিঙৰ সংগীতা বৰুৱাই কঢ়িয়াই আনিলে সোণ আৰু ব্ৰঞ্জৰ পদক

ডিজিটেল সংবাদ, লামডিং: ৰাজ্যত ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে অসম তথা লামডিঙলৈ সুখবৰ । লামডিঙলৈ গৌৰৱ কঢ়িয়াই আনিলে লামডিঙৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ৷

মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে বয়সেও হাৰ মানিবলৈ বাধ্য হয় তাৰে উদাহৰণ দাঙি ধৰিলে লামডিঙৰ এগৰাকী ৩৮ বছৰীয়া শিক্ষয়ত্ৰীয়ে । নতুন দিল্লীৰ স্প'ৰ্টত কমপ্লেস্কত চলিত মাহৰ ৫ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় অসামৰিক সেৱা ক্ৰীড়া প্ৰতিযোগিতা উত্তৰ লামডিং প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী সংগীতা বৰুৱাই ভাৰোত্তোলন প্ৰতিযোগিতাত সোনৰ পদক আৰু শক্তি উত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জ পদক লাভ কৰি লামডিং তথা সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

৩৮ বছৰ বয়সতো প্ৰতিভা সম্পন্ন সংগীতা বৰুৱাৰ দুটি সন্তান আৰু স্বামীৰ সৈতে লামডিঙত যোৱা সাত বছৰে বসবাস কৰি আহিছে । ডিব্ৰুগড়ৰৰ জীয়ৰি সংগীতা বৰুৱা গোলাঘাটৰ সৰুপথাৰৰ বোৱাৰী হৈ আহিছিল।

২০১২ বৰ্ষতে টেট পৰীক্ষাত উত্তীন্ন হৈ চাকৰি সূত্ৰে উত্তৰ লামডিং প্ৰাথমিক বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপে নিয়োজিত হৈ থকাৰ পিছতো প্ৰতিদিনে অনুশীলত ব্যস্ত হৈ পৰিছে খেলুৱৈ সংগীতাই । সংগীতা বৰুৱা সপোন বাস্তৱ হোৱাৰ কামনাৰে আমিও জনালো অভিনন্দন তথা শুভেচ্ছা ৷

সংগীতা বৰুৱাক শান্তনু গগৈ আৰু অজয় চেতিয়াই প্ৰশিক্ষক হিচাপে প্ৰশিক্ষন দি অহাৰ লগতে স্বামী দেৱজিৎ চেতিয়া আৰু দুই গুৰু শান্তনু গগৈ আৰু অজয় চেতিয়াই এই যাত্ৰাত তেখেতক প্ৰেৰনা আৰু উৎসাহ দি আহিছে বুলি জনায় ।

আৰু পঢ়ক: মথুৰাপুৰ উঃ মাঃ বিদ্যালয়ৰ গৌৰৱোজ্জল মহাৰজত জয়ন্তীৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in