নুমলীগড়ৰ বৰটিকা-অফলা হাইস্কুলৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান...

বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত নুমলীগড়ৰ অতিকৈ ভিতৰুৱা বৰটিকাত ১৯৮৯ চনতে প্ৰতিষ্ঠা লাভ কৰা বৰটিকা-অফলা হাইস্কুলৰ ২০১৮ চনত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ

author-image
Asomiya Pratidin
New Update
নুমলীগড়ৰ বৰটিকা-অফলা হাইস্কুলৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান...

numoligarh

ডিজিটেল সংবাদ, নুমলীগড় : বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত নুমলীগড়ৰ অতিকৈ ভিতৰুৱা বৰটিকাত ১৯৮৯ চনতে প্ৰতিষ্ঠা লাভ কৰা বৰটিকা-অফলা হাইস্কুলৰ ২০১৮ চনত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰা হয় যদিও ক'ভিড-১৯কে আদি কৰি বিভিন্ন কাৰণত সামৰণি অনুষ্ঠান পলমকৈ হ'লেও ১০ আৰু ১১ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

Advertisment

শনিবাৰে প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি, বৃক্ষৰোপণ কৰে বৰটিকা-অফলা হাইস্কুলৰ প্ৰথম গৰাকী মেট্ৰিক উত্তীৰ্ণ তথা বৰ্তমান মেদক গাঁও জনজাতি এম ই স্কুলৰ প্ৰধান শিক্ষক গান্ধীৰাম বৰিয়ে ৷ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক যতিন বৰি আৰু বৰটিকা-অফলা এম ই স্কুলৰ প্ৰধান শিক্ষক ধীৰেন চন্দ্ৰ বৰাই মূল পতাকা উত্তোলন কৰাৰ পিছতে ২৫খনকৈ পতাকা উত্তোলন কৰে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত ২৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে ৷

একেদৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূপেশ্বৰ মৰাং, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তৰুণ বৰি আৰু প্ৰাক্তন ছাত্ৰ তথা স্তম্ভ লেখক বিজু বৰিয়ে ৰূপালী জয়ন্তীৰ স্মাৰক স্তম্ভ উন্মোচন কৰে। মূল প্ৰৱেশ দ্বাৰ উন্মোচন কৰে মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ ২৮ নং দিচৈ-ধনশিৰি সমষ্টিৰ সাধাৰণ সদস্য সুধীৰ চন্দ্ৰ মৰাঙে ৷

প্ৰাক্তন ছাত্ৰ তথা মিছিং দৃৰবৗ কেবাঙৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুৰেশ বৰিয়ে স্মৃতি তৰ্পণ কৰে। অনুষ্ঠানত ৰূপালী জয়ন্তীৰ প্ৰাচীৰ পত্ৰিকা 'ৰূপালী সৌৰভ' উন্মোচন কৰে বৰটিকা-অফলা এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গুনধৰ মৰাঙে ৷

সদৌ অসম সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক পৱন কামানে ধৰ্মপ্ৰাণ ব্যক্তি স্বৰ্গীয় ৰেৱকান্ত বৰি সোঁৱৰণি মঞ্চ উদ্বোধন কৰে। ইয়াৰ পিছত অনুষ্ঠানত মিছিং সমবেত সংগীত বৰটিকা-অফলা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে। বিয়লি সাহিত্য-সংস্কৃতিৰ বৰ্ণাঢ্য কাৰ্যসূচীও অনুষ্ঠিত হয়।

  User
User

আৰু পঢ়ক : লামডিঙৰ গুলীচালনা ঘটনাৰ সৈতে জড়িত আন এজনক আটক...

assam numaligarh