/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/8jsbl3ws/94eb33ca-234c-4ac9-a6f0-51aed7a1d3d2.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া : ভাৰতীয় জাতীয় ছাত্ৰ ইউনিয়ন, চমুকৈ এন এছ ইউ আই, ৰঙিয়া শাখাৰ সহযোগত বৃহস্পতিবাৰে ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নৱাগত সভা অনুষ্ঠিত হয়। নৱাগত আদৰণি সভা উপলক্ষে মহাবিদ্যালয় প্ৰাংগনত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে মহাবিদ্যালয় এন এছ ইউ আই গোটৰ সভাপতি বিশাল দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/46u2spkm/4bced307-4616-4307-ad15-f97862d67a60.jpg)
১০ বজাত কামৰূপ জিলাৰ এন এছ ইউ আইৰ সভাপতি চাকিল আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়া আৰু অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি কৃষাণু বৰুৱা উপস্থিত থাকে। তেঁওলোকে ছাত্ৰ সংগঠনৰ ইতিবৃত্ত সম্পৰ্কে ভাষণ আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/a66stt99/fecb7b4e-7371-42a1-b46b-201a910ec2c6.jpg)
আনহাতে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° হেমেন্দ্ৰ শৰ্মাৰ উপস্থিতিত নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট অভিনেতা কৌশিক ভৰদ্বাজে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে অভিনীত ছবিৰ সংলাপ আলোকপাত কৰে। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা থলুৱা লোকবাদ্য লগতে সাংস্কৃতিক অনুষ্ঠান আদি পৰিবেশিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/rprubhwy/5f59dce8-4963-47bd-8f39-4f144f394eaf.jpg)
পৰাগজ্যোতি ডেকাই আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপিকা ড° বিজুলী চক্ৰৱৰ্তী আৰু ড° পূৰৱী বৈশ্যই শিক্ষাৰ্থীসকলৰ আগত উদগনিমূলক ভাষণ দিয়ে। উল্লেখ্য যে নৱাগত সভাৰ লগতে মহাবিদ্যালয়খনৰ এন ইউ আইৰ নতুন গোট গঠন হয়। শেষত আমন্ত্ৰিত শিল্পী নেকিব আৰু চুমি শৰ্মাৰ গীতৰ শৰাইৰে নৱাগত আদৰণি সভা আৰু বাৰ্ষিক সভাৰ সামৰণি পৰে।
Also Read: এ কে মিশ্ৰ আৰু এন এছ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰে অনানুষ্ঠানিক বৈঠক