এ কে মিশ্ৰ আৰু এন এছ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰে অনানুষ্ঠানিক বৈঠক

এ কে মিশ্ৰ আৰু এন এছ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰে অনানুষ্ঠানিক বৈঠক

author-image
Asomiya Pratidin
New Update
এ কে মিশ্ৰ আৰু এন এছ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰে অনানুষ্ঠানিক বৈঠক

ডিজিটেল সংবাদ, বেকাজান : ছয় বছৰ ধৰি স্থবিৰ হৈ থকা ভাৰত-নগা শান্তি আলোচনাৰ সন্দৰ্ভত বুধবাৰে ডিমাপুৰত ভাৰত চৰকাৰৰ প্ৰতিনিধি এ কে মিশ্ৰই এন এছ চি এন (আই এম) মুৰব্বী থুইংগালেঙ মুইভাৰ নেতৃত্বত এন এছ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰ সৈতে এক অনানুষ্ঠানিক বৈঠকত অনুষ্ঠিত হয়। এন এছ চি এনৰ সূত্ৰই জনোৱা মতে, ১৭ ছেপ্টেম্বৰ মঙলবাৰে মিশ্ৰ আহি ডিমাপুৰত উপস্থিত হৈছিল আৰু সেইদিনা ডিমাপুৰৰ মুইভাৰ ব্যক্তিগত বাসগৃহত স্থবিৰ হৈ পৰা শান্তি আলোচনাৰ সন্দৰ্ভত এক অনাঅনুষ্ঠানিক বৈঠক অনুষ্ঠিত হয়।

Advertisment

এই বৈঠকত এ কে মিশ্ৰৰ সৈতে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এজন বিষয়াও আছিল বুলি জানিব পৰা গৈছে। সূত্ৰটোৱে জনোৱা মতে, এই বৈঠকত এন এছ চি এন (আই এম)ৰ উপসভাপতি টংমেথ ৱাংগনাও, ডেপুটি কিলোনচাৰ ভি এছ আটেম আৰু এণ্টনি শ্বিমৰে উপস্থিত থাকে।

Also Read: কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব নিযুক্তি

bekajan