দিলীপ শইকীয়া,মুজিবুৰ ৰহমান মুৰ্দাবাদ ধ্বনিৰে মঙলদৈত NSUIৰ প্ৰতিবাদ

ৰাজীৱ ভৱনৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ওলাই অহাৰ সময়তে দৰং আৰক্ষীয়ে বাধা প্ৰদান কৰে
দিলীপ শইকীয়া,মুজিবুৰ ৰহমান মুৰ্দাবাদ ধ্বনিৰে মঙলদৈত NSUIৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈ ৰাজীৱ ভৱনত শনিবাৰে অৰ্ধ শতাধিক NSUI কৰ্মীৰ প্ৰতিবাদ। মঙলদৈ ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াব বিচাৰিছিল যদিও ৰাজীৱ ভৱনতে NSUI কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয় ।

মঙলদৈৰ সাংসদ দিলীপ শইকীয়া আৰু দলগাও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানে অবৈধভাবে মাটি বিক্ৰী কৰাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে NSUI কৰ্মী সকলে।দিলীপ শইকীয়া মুৰ্দাবাদ, মুজিবুৰ ৰহমান মুৰ্দাবাদ ধ্বনিৰে ৰাজীৱ ভৱনৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ওলাই অহাৰ সময়তে দৰং আৰক্ষীয়ে বাধা প্ৰদান কৰে। তেনেক্ষেত্ৰত প্ৰতিবাদীকাৰীসকলে ৰাজীৱ ভৱনতে প্ৰতিবাদ সাব্যস্ত কৰে।

দিলীপ শইকীয়া,মুজিবুৰ ৰহমান মুৰ্দাবাদ ধ্বনিৰে মঙলদৈত NSUIৰ প্ৰতিবাদ
সাৰ কোম্পানী ইফ'ক (IFFCO)ৰ লগত বি ভি এফ চি এলৰ বাণিজ্যিক চুক্তি

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in