সাৰ কোম্পানী ইফ'ক (IFFCO)ৰ লগত বি ভি এফ চি এলৰ বাণিজ্যিক চুক্তি

সাৰ কোম্পানী ইফ'ক (IFFCO)ৰ লগত বি ভি এফ চি এলৰ বাণিজ্যিক চুক্তি

নতুন দিল্লীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বাণিজ্যিক বুজাবুজিৰ চুক্তি সম্পন্ন হয়

ডিজিটেল সংবাদ,নামৰূপঃ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সাৰ উদ্যোগ নামৰূপস্থিত  বি ভি এফ চিএলে Indian Farmers Fertilizer Cooperative Limited (IFFCO ভাৰতীয় কৃষক সাৰ সমবায়)ৰ লগত বাণিজ্যিক বুজাবুজিৰ চুক্তি সম্পন্ন কৰে। শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বাণিজ্যিক বুজাবুজিৰ চুক্তি সম্পন্ন হয়।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁট (আইচিএ)ৰ দ্বাৰা প্ৰকাশিত দশম বাৰ্ষিক বিশ্ব সমবায় নিৰীক্ষক (WCM) প্ৰতিবেদনৰ ২০২১ সংস্কৰণ অনুসৰি বিশ্বত ৬০সংখ্যক  ৰেঙকিং দখল কৰা  ইফ'কৰ লগত বি ভি এফ চি এলৰ বাণিজ্যিক বুজাবুজি চুক্তি  সম্পন্ন হোৱাটো বি ভি এফ চি এলৰ বাবে অতি শুভ লক্ষণ হিচাপে চিহ্নিত হৈছে। 

পশ্চিম বংগ, বিহাৰ, ওড়িশা আৰু উত্তৰ পূৱৰ ৰাজ্যত ইফ'ক' ৰ উৎপাদিত নেন' ইউৰীয়া আৰু নেন' দি এ পি বিক্ৰীৰ বাবে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড (বিভিএফচিএল)ৰ সৈতে ইফ'ক(IFFCO)'ই  বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।  ইফ'কৰ  বিপণন সঞ্চালক যোগেন্দ্ৰ কুমাৰ আৰু বি ভি এফ চি এলৰ চিএমডি  ডঃ শিৱ প্ৰসাদ মহান্তিয়ে আজি নতুন দিল্লীত এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। 

এই সন্দৰ্ভত বি ভি এফ চি এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ শিৱ প্ৰসাদ মহান্তিয়ে কয় যে বি ভি এফ চি এলৰ নিজা উৎপাদন নিচেই সীমিত। অন্যহাতে বি ভি এফ চি এলৰ বিপনন ক্ষেত্ৰখন ইতিমধ্যে বিহাৰ ,উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ,   চট্টিশগড়লৈ সম্প্ৰসাৰণ হোৱাৰ পিছত শেহতীয়াভাবে দক্ষিণ ভাৰতলৈ বজাৰ সম্প্ৰসাৰণৰ বাবে প্ৰস্তুতি চলাইছে । 

এনে পৰিপেক্ষিততে কৃষক গ্ৰাহকৰ ৰুচি আৰু চাহিদা অনুসৰি সকলো সাৰ সামগ্ৰী(All fertilizer products) উপলব্ধ কৰিবলৈ বি ভি এফ চি এলে এনেধৰণৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে IFFCO সম্পূৰ্ণৰূপে ভাৰতীয় সমবায় সমিতিৰ মালিকানাধীন  সাৰ প্ৰস্তুত আৰু বিপণনৰ ব্যৱসায়ত নিয়োজিত বৃহৎ সাৰ উদ্যোগ।

ভাৰতৰ নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা ইফ্ফক'ৰ উৎপাদিত নেন' ইউৰীয়াৰ চাহিদাও সমগ্ৰ দেশত ক্ৰমে বৃদ্ধি পাইছে। এনে প্ৰেক্ষাপটত বি ভি এফ চি এলৰ লগত হোৱা  চুক্তিয়ে বি ভি এফ চি এলক অধিক উপকৃত কৰিব বুলি উল্লেখ কৰে অধ্যক্ষ মহান্তিয়ে।

সাৰ কোম্পানী ইফ'ক (IFFCO)ৰ লগত বি ভি এফ চি এলৰ বাণিজ্যিক চুক্তি
বালিজুৰি কেন্দ্ৰীয় ৰঙালী বিহুৰ সমন্বয়ৰ বাৰ্তা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in