এন এছ চি এন (কে)ৰ ২৬ জন কেডাৰৰ ৰিফৰ্মেচন গোটত যোগদান

এন এছ চি এন (কে)ৰ ২৬ জন কেডাৰৰ ৰিফৰ্মেচন গোটত যোগদান

author-image
Asomiya Pratidin
New Update
এন এছ চি এন (কে)ৰ ২৬ জন কেডাৰৰ ৰিফৰ্মেচন গোটত যোগদান

ডিজিটেল সংবাদ, বেকাজানঃ সংঘাতত জৰ্জৰিত ম্যানমাৰস্থিত এন এছ চি এন খাপলাঙ গোটৰৰ ব্ৰিগেডিয়াৰ ফ’লাই পংলাহামে নেতৃত্বত ২৬ জন সশস্ত্ৰ কেডাৰে শুকুবাৰে এন এছ চি এন ৰিফৰ্মেচন গোটত যোগদান কৰে। জানিব পৰামতে নেতৃত্বতৰ সংঘাতত বিভাজিত হোৱা ম্যানমাৰস্থিত এন এছ চি এন (কে)ৰ ২৬ জন সশস্ত্ৰ কেডাৰে ৱানচো অঞ্চলৰ এন এছ চি এন ৰিফৰ্মেচনত যোগদান কৰে।

Advertisment

এন এছ চি এন ৰিফৰ্মেচন গোটৰ গৃহবিভাগে জনাইছে যে, সভাপতি ৱাই ৱানেটিন নাগা আৰু সম্পাদক পি টিখকৰ সন্মুখত আনুষ্ঠানিকভাৱে গোটৱে যোগদান কৰে। বিষয়া আৰু কেডাৰসকলকক আদৰণি জনাই কয় যে, নগালেণ্ড আৰু ৱাঞ্চো অঞ্চললৈ এতিয়া স্থায়ী শান্তি ঘূৰি আহিব।

বৃহস্পতিবাৰে আয়োজন কৰা আদৰণি কাৰ্যসূচীত ৰিফৰ্মেচন গোটৰ নেতাসকলে কয় যে,তিনি দশকৰো অধিক সময় নগা জাতিৰ সেৱাত থকা নগা গোটসমূহৰ ভিতৰত বিভাজন হোৱা বিষয়টোৱে বিচলিত কৰিছে। অৱশ্যে এন এছ চি এন ৰিফৰ্মেচনৰ সভাপতিয়ে ভাৰত চৰকাৰ আৰু নগা গোটে দীৰ্ঘদিন ধৰি চলি থকা ভাৰত-নগা সমস্যা সমাধানৰ প্রচেষ্টা প্রশংসাও প্রকাশ কৰে ৷

Also Read: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মাতৃৰ বিয়োগ

bekajan joining