/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5853e516-cc86-41a8-9e56-d09aae84f61d/107.jpg)
ডিজিটেল ডেস্ক : মাতৃহাৰা হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। সভাপতি কলিতাৰ মাতৃ যমুনা ডেকাৰ বিয়োগ ঘটে।
মৃত্যুৰ সময়ত সৰবৰহী মহিলা তথা ভৱেশ কলিতাৰ মাতৃৰ বয়স হৈছিল প্ৰায় ৯০ বছৰ। উল্লেখ্য যে দীৰ্ঘদিন অসুস্থ হৈ আছিল ভৱেশ কলিতাৰ মাতৃ যমুনা ডেকা।
বিগত কিছুদিন ধৰি গুৱাহাটীৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল যমুনা ডেকা। আনহাতে ভৱেশ কলিতাৰ মাতৃৰ বিয়োগত বিভিন্ন দল সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ৰাজ্যিক বিজেপিৰ নেতা তথা কৰ্মকৰ্তাই গভীৰ শোক প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us