সেনাৰ অভিযনাত লিডু মালৌ পাহাৰত NSCN(R) ৰ কেডাৰ আটক

সেনাৰ অভিযনাত লিডু মালৌ পাহাৰত NSCN(R) ৰ কেডাৰ আটক

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ সেনাৰ অভিযনাত লিডু মালৌপাহাৰত নগা উগ্ৰপন্থী আটক। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এন এচ চি এন (আৰ)ৰ কৰ সংগ্ৰহক জেঠু হাখুন আটক কৰে নিৰাপত্তাৰক্ষীয়ে।

বুধবাৰে ১৮ নং গাড়োৱাল ৰেজিমেণ্টৰ দ্বাৰা চলোৱা এক অভিযানত লিডু মালৌপাহাৰৰ পৰা উগ্ৰপন্থী জন আটক হয় । সেনাই এটা পিষ্টল সহ তিনিজাই সজীৱ গুলি আৰু এটা মোবাইল উগ্ৰপন্থী জনৰ হাতৰ পৰা উদ্ধাৰ কৰে ।

দীৰ্ঘদিন ধৰি মাৰ্ঘেৰিটা মহকুমাৰ অসম অৰুণাচল প্ৰদেশৰ সীমামুৰীয়া অঞ্চলত এন এছ চি এনৰ উগ্ৰপন্থী জেঠু হাখুনে ধন সংগ্ৰহৰ জৰিয়তে সন্ত্ৰাস চলাই আহিছিল। উগ্ৰপন্থীজনক ইতিমধ্যেই সেনাই আৰক্ষীক চমজাই দিছে বুলি সূত্ৰত প্ৰকাশ।

সেনাৰ অভিযনাত লিডু মালৌ পাহাৰত NSCN(R) ৰ কেডাৰ আটক
মুণ্ডহীন মৃতদেহ উদ্ধাৰ, নিজ কন্যাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in