মুণ্ডহীন মৃতদেহ উদ্ধাৰ, নিজ কন্যাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ

শনিবাৰে উদ্ধাৰ হোৱা মৃতদেহটো আছিল মুণ্ডহীন। সেই ঘটনা সন্দৰ্ভতে বুধবাৰে আৰক্ষীয়ে যুৱতী গৰাকীৰ পিতৃক গ্ৰেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
মুণ্ডহীন মৃতদেহ উদ্ধাৰ, নিজ কন্যাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে বস্তাৰ ভিতৰত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। শনিবাৰে উদ্ধাৰ হোৱা মৃতদেহটো আছিল মুণ্ডহীন। সেই ঘটনা সন্দৰ্ভতে বুধবাৰে আৰক্ষীয়ে যুৱতী গৰাকীৰ পিতৃক গ্ৰেপ্তাৰ কৰে।

Advertisment

এই ঘটনা মহাৰাষ্ট্ৰৰ বাশিম জিলাৰ। অভিযুক্ত পিতৃয়ে ইতিমধ্যে স্বীকাৰ কৰিছে হত্যাৰ কথা।

আৰক্ষীয়ে কয় যে, হত্যাকাণ্ডৰ তদন্তৰ সময়ত আৰক্ষীয়ে মুখতাৰ খান নামৰ লোকজনক জেৰা চলাইছিল।  ৬০ বছৰীয়া বৃদ্ধজনে কৈছিল যে ২ মাহ ধৰি তেওঁৰ কন্যা নিৰুদ্দেশ হৈ আছে।

 কিন্তু পৰৱৰ্তী সময়ত পোহৰলৈ আহে হত্যাৰ ৰহস্য। আৰক্ষীয়ে জনোৱা অনুসৰি মুখতাৰে তেওঁৰ ২৫ বছৰীয়া জীয়ৰীক ২ মাহ পূৰ্বে হত্যা কৰিছিল। কাৰণ যুৱতীগৰাকী বিশেষভাৱে সক্ষম আছিল।

যুৱতী গৰাকীক হত্যা কৰি মুখতাৰে প্ৰথম ঘৰত কবৰ দিছিল। কিন্তু যেতিয়া গোন্ধ ওলাব আৰম্ভ হৈছিল তেতিয়া মুণ্ড কাটি মৃতদেহটো নলাত পেলাই দিছিল। আৰক্ষীয়ে এতিয়াও যুৱতীগৰাকীৰ বাকী অংশ বিচাৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

Also Read: ৩৫ লাখ টকা দৰমহাৰ চাকৰি ত্যাগ, ৩ বাৰ বিফলতাৰ পাছত UPSC ত উত্তীৰ্ণ ৰবীন

maharashtra crime