/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/81fee690-022b-4128-9763-fed5383dc9ec/44.jpg)
ডিজিটেল সংবাদ, ৰঙিয়াঃ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে ৰঙিয়াত শনিবাৰে নতুন পেঞ্চন নীতি বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ সমীপৰ গান্ধী মণ্ডপৰ সন্মুখত কৰ্মচাৰী সন্থাৰ প্ৰতিবাদকাৰী সকলে পুৱাৰে পৰা প্ৰতিবাদ স্থলীত উপস্থিত হৈ হাতে হাতে বেনাৰ পোষ্টাৰ লৈ পেন্সন প্ৰদানৰ দাবীত ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায় ।
উল্লেখ্য যে এই প্ৰতিবাদত কৰ্মচাৰী সন্থাৰ জিলা সমিতিৰ সভানেত্ৰী ডঃ মৌচুমী ভূঞা ,সম্পাদক লৱ কুমাৰ দাস ,উপদেষ্টা বিপুল চক্ৰৱৰ্তী আৰু সাংগঠনিক সম্পাদক আব্দুল মান্নানৰ নেতৃত্বত ৰূপায়িত কাৰ্যসূচীত প্ৰায় ডেৰ শতাধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। ইফালে প্ৰতিবাদৰ অন্তত ৰঙিয়াৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰতিবাদ কাৰী সকলে এক স্মাৰকপত্ৰ প্ৰদান কৰে ।
Also Read: কোনে ফালি পেলালে ৰাহুল গান্ধীক আদৰণি জনোৱাৰ বাবে লগোৱা বেনাৰ-পোষ্টাৰ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us