ইন্দিবৰ দেউৰীৰ প্ৰতি ড০ হীৰেন গোহাঁইৰ শ্ৰদ্ধাৰ্ঘ

অসমৰ প্ৰখ্যাত বুদ্ধিজীৱি, শিক্ষাবিদ ড০ হীৰেন গোঁহাইৰ দীৰ্ঘদিনীয়া সতীৰ্থ আছিল প্ৰয়াত শিক্ষাবিদ ইন্দিবৰ দেউৰী । কৰ্মসূত্ৰেও 'নতুন পদাতিক'ৰ জৰিয়তে দুয়ো একেলগে সমাজ আৰু সাহিত্য ক্ষেত্ৰলৈ অৱদান আগবঢ়াই আহিছিল ।

author-image
Asomiya Pratidin
New Update
ইন্দিবৰ দেউৰীৰ প্ৰতি ড০ হীৰেন গোহাঁইৰ শ্ৰদ্ধাৰ্ঘ

অসমৰ প্ৰখ্যাত বুদ্ধিজীৱি, শিক্ষাবিদ ড০ হীৰেন গোঁহাইৰ দীৰ্ঘদিনীয়া সতীৰ্থ আছিল প্ৰয়াত শিক্ষাবিদ ইন্দিবৰ দেউৰী । কৰ্মসূত্ৰেও 'নতুন পদাতিক'ৰ জৰিয়তে দুয়ো একেলগে সমাজ আৰু সাহিত্য ক্ষেত্ৰলৈ অৱদান আগবঢ়াই আহিছিল । সেই সন্দৰ্ভতেই ড০ হীৰেন গোঁহাইৰ প্ৰয়াত শিক্ষাবিদ ইন্দিবৰ দেউৰীৰ ওপৰত এই লেখা -

Advertisment

আমাৰ দীৰ্ঘদিনৰ সহকৰ্মী ইন্দিবৰ দেউৰীয়ে তেওঁৰ ব্যক্তিত্ব,পাণ্ডিত্য আৰু seriousnessৰে আমাক মুগ্ধ কৰি ৰাখিছিল। জনজাতীয় অবিসম্বাদী নেতা ভীমবৰ দেউৰীৰ সুযোগ্য সন্তান ইন্দিবৰ দেউৰী নিঃসন্দেহে অসমৰ এজন শীৰ্ষস্থানীয় বিদ্বান আৰু বুদ্ধিজীৱী আছিল। কিন্তু বৰ্ণাভিমানী অসমীয়াৰ পৰা কোনোদিনে সেই সন্মান নাপালে। জনজাতীয় সকলৰ হক আৰু মৰ্যাদাৰ হৈ আজীৱন বৌদ্ধিক যুদ্ধ চলোৱা দেউৰীৰ ন্যায়বোধ আৰু স্পষ্টবাদিতাক জনজাতীয় নেতাসকলেও ভয় কৰি এৰাই চলিছিল। ফল কিন্তু জনজাতিৰ বাবেই বৰ ক্ষতিকৰ হ'ব, সন্দেহ নাই।   

দেউৰীৰ দূৰদৰ্শিতাৰ এটা উদাহৰণ দিলেই যথেষ্ট হ'ব। তাহানি আমি নিজে ভূপেন হাজৰিকাৰ চৰম ৰাজনৈতিক সুবিধাবাদ আৰু যি কোনো শাসকৰ লগত হলি গলি কৰি সুবিধা আদায় কৰাৰ প্ৰবৃত্তি দেখি তিক্ত বিৰক্ত হৈ তেওঁক উগ্ৰ ভাষাত ধিক্কাৰ দিছিলোঁ। আমাৰ দৰে আন কিছুমান বামপন্থী লেখকেও তেওঁক গালি শপনি পাৰিছিল। ফলত অসমীয়া সংস্কৃতিলৈ তেওঁৰ বিৰাট অৱদান অগ্ৰাহ্য কৰা হৈছিল।

দেউৰীয়ে 'সাম্প্ৰতিক সাময়িকী'ত ৰুবি দেউৰী নাম লৈ এটা সূক্ষ্মদৰ্শী যুক্তিপূৰ্ণ প্ৰবন্ধ লিখি বিচাৰৰ ভাৰসাম্য ঘূৰাই আনিছিল। তাত হাজৰিকাৰ অবদানৰ প্ৰতি যথাযথ স্বীকৃতি জনায়ো তেওঁৰ ব্যৱসায়িক সুবিধাবাদৰ বিৰুদ্ধে কঠোৰ সকীয়নি দিয়া হৈছিল।সেই পথেদি গৈ থাকিলে বম্বেইতে (আজিৰ মুম্বাই) তেওঁৰ শেষ আশ্ৰয় হব বুলি সকীয়নি দিয়া হৈছিল।ৰাইজে জানে যে হৈছিলো সেয়াই!

Also Read: মাষ্টাচ অৱ চাইন্স ইন এগ্ৰিকালচাৰত স্বৰ্ণ পদক দৰঙৰ ভনিতা বৰুৱাৰ

ইন্দিবৰ দেউৰী ড০ হীৰেন গোহাঁই