মাষ্টাচ অৱ চাইন্স ইন এগ্ৰিকালচাৰত স্বৰ্ণ পদক দৰঙৰ ভনিতা বৰুৱাৰ

দৰঙৰ খটৰা কমাৰগাওঁ নিবাসী খগেন্দ্ৰ নাথ বৰুৱা আৰু জোৎস্না বৰুৱাৰ একমাত্ৰ কন্যা ভনিতা বৰুৱা

author-image
Asomiya Pratidin
New Update
মাষ্টাচ অৱ চাইন্স ইন এগ্ৰিকালচাৰত স্বৰ্ণ পদক দৰঙৰ ভনিতা বৰুৱাৰ

ডিজিটেল সংবাদ,মঙলদৈঃ মাষ্টাচ অৱ চাইন্স ইন এগ্ৰিকালচাৰৰ সৰ্বোচ্চস্থান প্ৰাপ্তিৰে স্বৰ্ণপদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে দৰঙলৈ সুনাম কঢ়িয়াই আনিছে ভনিতা বৰুৱাই। দৰঙৰ খটৰা কমাৰগাওঁ নিবাসী খগেন্দ্ৰ নাথ বৰুৱা আৰু জোৎস্না বৰুৱাৰ একমাত্ৰ কন্যা ভনিতা বৰুৱা।

ভনিতা বৰুৱাই বিহাৰৰ পুচাত অৱস্থিত ড°ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ত এগ্ৰিকালচাৰ এক্সটেনচন শাখাত অধ্যয়ণ কৰি মাষ্টাচ অৱ চাইন্স ইন এগ্ৰিকালচাৰৰ সৰ্বোচ্চস্থান দখল কৰি স্বৰ্ণ পদক অৰ্জন কৰে। বিশ্ববিদ্যালয়খনত অনুষ্ঠিত সভাত বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ,ভাইচ চেনচেলাৰ ড°টি এছ পাণ্ডে,এগ্ৰিকালচাৰ ইউনিয়ন মিনিষ্টাৰ কৈলাশ চৌধুৰী,সাংসদ বীণা দেৱীৰ উপস্থিতিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টমাৰে কৃতি ছাত্ৰী ভনিতা বৰুৱাক স্বৰ্ণপদক প্ৰদান কৰে।

স্বৰ্ণপদকেৰে বিভুষিত ভনিতা বৰুৱাই স্বগৃহত উপস্থিত হোৱাৰ পিছতেই তেওঁৰ বাসগৃহত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ভালেমান শিক্ষানুৰাগী গুণমুগ্ধই উষ্ম আদৰণি তথা সম্বৰ্ধনা জনাই। উল্লেখ্য যে সম্প্ৰতি এগ্ৰিকালচাৰেল এক্সটেন বিষয়ত গৱেষণা কৰি থকা অতিকৈ নম্ৰ,ভদ্ৰ,সহজ-সৰল মেধাৱী ছাত্ৰীগৰাকীয়ে তৰ্ক,কুইজ আৰু এংকৰেৰে দেশৰ ভিন্নপ্ৰান্তত অংশগ্ৰহন কৰি অসমৰ সুনাম কঢ়িয়াই আনিছে।

Also Read: গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ সোণ জব্দ

education agriculture