/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2bdc2679-a288-48a7-83e3-1ca18ce10ed5/petrol.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ আজি মানুহ বিহু। এই মানুহ বিহুৰ দিনা আজি এক ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গল জামুগুৰিহাটৰ এটি পেট্ৰ'ল পাম্প।
পেট্ৰ'ল পাম্পত পেট্ৰ'ল ভৰাবলৈ অহা প্ৰতি গৰাকী গ্ৰাহককে বিহুৰ পৰম্পৰা ৰক্ষা কৰি জাতীয় সাজপাৰ পৰিধান কৰি পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীসকলে তামোল পানৰ বটা আগবঢ়াই আদৰণি জনোৱাৰ লগতে জ্যেষ্ঠজনক একোখনকৈ বিহুৱান উপহাৰ দিয়ে।
মানুহৰ বিহুৰ দিনা কৰ্মৰ তাগিদাত ঘৰত থাকিব নোৱাৰিলেও নিজৰ কৰ্মস্থলীলৈ অহা জ্যেষ্ঠজনৰ চৰণ চুই আশিষ ধন্য পেট্ৰ'ল পাম্পটোত নিয়োজিত মহিলা কৰ্মচাৰীসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b425122e-7895-4ef9-bbc1-6d4487cc4272/bc01ca63_f0fa_4358_87f6_a36797a717ef.jpg)