উত্তৰ-পূব অলিম্পিক গেমছত অসমৰ চমকপ্ৰদ প্ৰদৰ্শন...

শ্বিলঙত অনুষ্ঠিত হৈ থকা উত্তৰ-পূব অলিম্পিক গেমছৰ আজি ষষ্ঠ দিন
2nd north east olympic
2nd north east olympic

ডিজিটেল ডেস্ক : শ্বিলঙত অনুষ্ঠিত হৈ থকা উত্তৰ-পূব অলিম্পিক গেমছৰ আজি ষষ্ঠ দিন। ষষ্ঠ দিনলৈকে অসমে যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ষষ্ঠ দিনাৰ ভাৰোত্তোলনত অসমে লাভ কৰিলে ৩টা সোণ, ২টা ৰূপৰ পদক।

পুৰুষৰ ৯৬ কেজি শাখাত কপিল সোণোৱালে সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। আনহাতে, মহিলাৰ ৭৬ কেজি শাখাত সোণৰ পদক লাভ কৰে পাল্কী প্রদীপে। ইফালে মহিলাৰ ৭১ কেজি শাখাত সংগীতা সাধনীধৰে লাভ কৰে সোণৰ পদক।

আনহাতে, পুৰুষৰ ৮৯ কেজি শাখাত সুদীপ্ত বৰুৱাই ৰূপৰ পদক লাভ কৰাৰ লগতেপুৰুষৰ ১০২ কেজি শাখাত পলাশ সোণোৱালৰ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই চমকপ্ৰদ প্ৰদৰ্শনেৰে তালিকাৰ শীৰ্ষত স্থান বৰ্তাই ৰাখিছে অসমে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in