/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/da8525ec-9a62-4c9f-be91-72a09cb17489/gsa.jpg)
chandrapur
ডিজিটেল ডেস্ক : মহানগৰীৰ সমীপৰ বোন্দা চপাইদাঙত ৰাইজৰ ৰোষত পৰিল আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী। চুলাইৰ ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে।
আবকাৰী বিভাগৰ ৩-৪ জনীয়া এটা দলে বোন্দা চপাইদাঙত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল। অভিযানত ২০ হাজাৰ টকাকৈ ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছত দলটো তাৰ পৰা যাবলৈ লওঁতেই স্থানীয় মহিলাই আৱদ্ধ কৰি ৰাখে দলটোক।
আৰু তাৰ পাছতেই ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতৰ সৃষ্টি হয়। কিছু সময়ৰ পাছত ঘটনাস্থলীত পানীখাইতি আৰক্ষী উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰে দলটোক। ইয়াৰ পিছতেই একাংশ মহিলাই পানীখাইতি আৰক্ষী চকীত ধন দাবী কৰা দলটোক উপযুক্ত শাস্তি প্রদানৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
আৰু পঢ়ক : বটদ্ৰৱাৰ জাজৰিত ২২ সংখ্যক সত্রীয়া সাংস্কৃতিক দিৱস উদযাপন...