/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/57478295-1250-43a2-a29e-9f7700216879/27.jpg)
ডিজিটেল ডেস্ক : মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটস্থিত নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালত শুকুৰবাৰে কৰ্কট ৰোগীৰ বাবে এটি অত্যাধুনিক ডিজিটেল মেম’গ্ৰাফী মেচিন শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে ৷ উদ্বোধনি ভাষনত তেওঁ কয় যে কেন্সাৰ হাস্পতালখন অত্যাধুনিক মেম গ্ৰাফীৰ মেচিন মুকলি কৰি বিশেষকৈ মহিলা কৰ্কট ৰোগী সকলৰ বাবে মহান কাম কৰিছে ৷ আমি আনন্দিত আৰু গৌৰাম্বিত হৈছো ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/3c8c999e-d5dd-493e-abd2-a4a6fc0e107a/ca4543f2-bffd-4282-b4db-8b27f6297097.jpg)
লগতে কয় যে, সমাজৰ বহু দুখীয়া মহিলা কৰ্কট ৰোগ দেখুৱাবৰ বাবে বাহিৰলৈ যাব নোৱাৰে ৷ তেনে ক্ষেএত এই হাস্পতালখনে এনে মেচিনৰ সুবিধা কৰাৰ বাবে বহু ৰোগী উপকৃত হব ৷ এই ৰোগ যদিও দুৰাৰোগ্য কোৱা হয় কিন্তু আজিৰ দিনত কৰ্কট ৰোগ মানে দোৰাৰোগ্য হৈ থকা নাই ৷ ৰোগীক সুস্থ কৰাৰো উপায় ওলাইছে ৷ আমাৰ দেশ দুখীয়া নহয় ৷আমাৰ দেশ পূন্য ভূমি ৷ দামি মেচিনেৰে দুখীয়া লোকৰ লগতে হস্পিতাল সমূহক চহকি কৰিছে ৷ চিকিৎসক নাৰ্চ সকলক আমি অনুৰোধ কৰিছো তেওঁলোকে যাতে এই মানৱ সেৱা প্ৰধান সেৱা হিচাপে লৈ আগবাঢি যায় তাৰ বাবে অনুৰোধ কৰিছো ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/7077dcdc-8a6b-4500-9727-71c5714f220d/13fda02e-3bd3-48dd-97ce-431c94de8c83.jpg)
ইফালে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ গনেশ তামুলিয়ে কয় যে কৰ্কট মানে মৃত্যু নহয় ৷ ইয়াৰ উপযুক্ত চিকিৎসা আছে ৷ এই ৰোগ হোৱাৰ লগে লগে চিকিৎসা কৰিলে সুস্থ হৈ থাকিব পাৰি ৷ নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালে এই ৰোগৰ ক্ষেত্ৰত বহু অত্যাধুনিক মেচিন আনি বহু ৰোগীক নিৰাময় কৰিছে বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/1f54ba3d-977e-4d62-87e4-30d0c119afd4/0a471d3e-21ac-43d6-ba43-0d3fb0bca39c.jpg)
ইপিনে হস্পিতালখনৰ সঞ্চালক ডা: ৰাজ চাং কাকতিয়েও কৰ্কট ৰোগৰ ওপৰত বহু গুৰুত্বপূৰ্ণ ভাষন প্ৰদান কৰে ৷ পদ্মশ্ৰী বঁটা প্ৰাপ্ত ডঃ ইলিয়াছ আলিয়েও ভাষনত কয় যে কৰ্কট হ'লে ভয় খোৱাৰ কোনো কাৰন নাই ৷ এই ৰোগ হোৱাৰ লগে লগে চিকিৎসকৰ সহায় ল'লে ভাল পাব পাৰি ৷ মেম গ্ৰাফী এই ডিজিটেল অত্যাধুনিক মেচিনৰ জৰিয়তে বিশেষকৈ স্তন কেন্সাৰ হোৱা মহিলা সকল উপকৃত হব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/feeca018-0f39-4761-a3d1-597594321297/65bf0866-1ba6-4f21-9769-a50249c531f2.jpg)
বছৰত এবাৰ মহিলা সকলে এই মেচিনৰ জৰিয়তে স্তন কেন্সাৰ হোৱা বা নোহোৱা পৰীক্ষা কৰিলে সাধাৰন মানুহক নিছিনাকৈ জীয়াই থাকিব পাৰি বুলিও ইলিয়াচ আলিয়ে ভাষনত কয় ৷ অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী নিকুমণি বৰুৱাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে সভাৰ আৰম্ভণিৰ পূৰ্বে অতিথি সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷
Also Read: বকো পাইনেপল এফ পি চিৰ খাদ্য প্ৰক্ৰিয়াকৰণ গৃহৰ লাই খুঁটা স্থাপন