/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/4e29e395-429a-44e8-a8f2-3bce504c31e8/26.jpg)
ডিজিটেল সংবাদ,কামৰূপঃ কামৰূপ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ সহযোগত শুকুৰবাৰে উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ উত্তৰ পূৰ্বাঞ্চল ভিত্তিক জৈৱিক মূল্য শৃংখল উন্নয়ন অভিযান (MOVCD-NER) আঁচনিৰ অধীনত বকো পাইনেপল কৃষক উৎপাদক কোম্পানীৰ খাদ্য প্ৰক্ৰিয়াকৰণ গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/467f05a3-407d-4f6e-bd21-26f90b2c24f3/7b19f00b-f8b7-4eef-8a10-90c0756c73d9.jpg)
আজি এই খাদ্য প্ৰক্ৰিয়াকৰণ গৃহৰ লাই খুঁটা স্থাপন কৰে কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকি আয়ুক্ত গৰাকীয়ে কয় যে এই খাদ্য প্ৰক্ৰিয়াকৰণৰ আৰম্ভণিয়ে বকো অঞ্চলৰ আনাৰসৰ খেতিয়কসকলক বাৰুকৈয়ে উপকৃত কৰিব। অনাগত দিনত এই খাদ্য প্ৰক্ৰিয়াকৰণৰ ফলত কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিদেশলৈও ৰপ্তানি কৰিব পৰা যাব বুলিও তেখেতে আশা প্ৰকাশ কৰে।
আজিৰ এই অনুষ্ঠানত বকো পাইনেপল কৃষক উৎপাদক কোম্পানীৰ কৰ্মকৰ্তাৰ লগতে কৃষি বিভাগৰ তৰফৰ পৰা মহকুমা কৃষি উন্নয়ন বিষয়া ক্ৰমে গিৰিন্দ্ৰ কুমাৰ শৰ্মা, মানস প্ৰতীম মহন্ত আৰু হিতেশ ডেকা, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া গৌতম ৰায়চৌধুৰী, কৃষি উন্নয়ন বিষয়া অনুপ্ৰীয়া যাদৱ, কামৰূপ জিলাৰ বাণিজ্য সমন্বয়ক দিৱাকৰ মহোদী তথা গাঁও প্ৰধান সকলো উপস্থিত থাকে।