/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/62510e4c-cb90-457a-bb7d-b12a8928a26f/agrani.jpg)
উত্তৰ গুৱাহাটী ৰাজহচক্ৰৰ চক্ৰ বিষয়া অপ্ৰতিম গোস্বামীক বদলি...
ডিজিটেল সংবাদ দুমুনিচকী: উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অপ্ৰতিম গোস্বামীক বদলি। বিষয়াগৰাকীক উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ পৰা বদলি কৰি মৰিগাঁও জিলাৰ সহকাৰী আয়ুক্ত হিচাপে দায়িত্ব অৰ্পণ কৰা হয়।
বিগত ১০ জুলাই তাৰিখে অপ্ৰতিম গোস্বামীক উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। প্ৰায় ৪ মাহ ধৰি তেওঁ এই দায়িত্ব পালন কৰাৰ পাছত তেওঁক ২ নৱেম্বৰত বদলিৰ নিৰ্দেশ দিয়ে।
মাত্ৰ ৪ মাহ সময়হে তেওঁ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰত দায়িত্ব পালন কৰাৰ লগতে মৰিগাওঁ জিলালৈ বদলিৰ এই নিৰ্দেশে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি ৰাজহ চক্ৰটোৰ অন্তৰ্গত অঞ্চলটোত চৰ্চা লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/741b1430-2ad5-49b3-8d31-364e7b965585/f1bbe61f_a182_4212_a280_b2d6362f1257.jpg)
Also Read: আমেৰিকাত আক্ৰমণৰ সন্মুখীন ভাৰতীয় ছাত্ৰঃ হেৰুৱালে দৃষ্টিশক্তি, জঠৰ হৈ পৰিল শৰীৰ এটা অংশ...