উঃগুঃৰ ৰুদ্ৰেশ্বৰৰ বৰ্বৰ আক্ৰমণৰ ঘটনা: অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী

উঃগুৱাহাটীৰ ৰুদ্ৰেশ্বৰৰ বৰ্বৰ আক্ৰমণৰ ঘটনা: অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী

author-image
Asomiya Pratidin
New Update
উঃগুঃৰ ৰুদ্ৰেশ্বৰৰ বৰ্বৰ আক্ৰমণৰ ঘটনা: অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী

ডিজিটেল সংবাদ,দুমুনিচকী :- উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত ম'বাইল ফোন চুৰি কৰাৰ অভিযোগত বৰ্বৰ আক্ৰমণৰ বলি হৈ সন্ধানহীন হৈ থকা মনোৱাৰ আলীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত উক্ত ঘটনাক অন্য ৰূপ দিবলৈ একাংশ লোকে উঠি-পৰি লাগিছে। এই উদ্বেগজনক অভিযোগ উত্থাপন কৰিছে খোদ মনোৱাৰৰ পত্নী তথা পৰিয়ালে।

Advertisment

সুদীৰ্ঘ ১১ দিন নিৰুদ্দেশ হৈ থকাৰ পিছত কামৰূপ জিলাৰ হাজো আৰক্ষী থানৰ অধীনৰ দাদৰা আৰক্ষী চকীৰ এলেকাৰ দীঘলি বিলৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল মনোৱাৰৰ মৃতদেহ । মনোৱাৰৰ পৰিয়ালৰ লোকৰ উপস্থিতিত দাদৰা আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো সেই স্থানতে পত্নীৰ লগতে মাতৃ তথা পৰিয়ালৰ লোকে চিনাক্ত কৰে।

উল্লেখ্য যে মৃতদেহ উদ্ধাৰৰ সময়ত কাৰ্যকৰী দণ্ডাধীশ উপস্থিত আছিল নে নাই এই বিষয়ে স্পষ্ট নহয় যদিও দাদৰা আৰক্ষীয়ে মৃতদেহ চিনাক্ত কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে নিশাৰ ভাগতে ব্যৱস্থা গ্ৰহণ কৰে। সেই মৰ্মে মৃতদেহ উদ্ধাৰৰ পিছ দিনাখন (ইং ২২ জুলাই তাৰিখে) মৃত মনোৱাৰৰ পত্নীসহ পৰিয়ালৰ লোক জি এম চি এইচলৈ ৰাওনা হয়।

যথা সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচৰ পৰীক্ষাগাৰত চিকিৎসক উপস্থিত হৈ পত্নী তথা পৰিয়ালৰ লোকক উদ্দেশ্যি মৃতদেহটো তেওঁলোকৰ নহয় বুলি অদ্ভুত মন্তব্য কৰে। আনকি সেই দিনাখন নিজৰ দায়িত্বত থকা চিকিৎসক গৰাকীয়ে মনোৱাৰক হত্যা কৰা নাই বুলিও আশ্চৰ্য্যকৰ মন্তব্য কৰে বুলি পত্নী তথা পৰিয়ালৰ লোকে অৱগত কৰে।

যাৰ ফলত মনোৱাৰৰ পত্নীয়ে মৰণোত্তৰ পৰীক্ষাগাৰতে আত্মজাহ দিম বুলি ক্ষোভ প্ৰকাশ কৰে। এগৰাকী চিকিৎসকে কৰা মন্তব্যৰ বিষয়ে অৱগত হৈ স্বাভাৱিকতেই আশ্চৰ্য্যম্বিত হৈ পৰিছে পৰিয়াল তথা জলাহৰ সচেতন লোকে। মনোৱাৰৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়াৰ পিছত সেইদিনাই ঘটনাৰ সৈতে জড়িত লোকক আটক কৰাৰ দাবী উত্থাপন কৰি চাংসাৰি আৰক্ষী থানাৰ সন্মুখত কেইবাশতাধিক লোকে প্ৰতিবাদ কৰে।

ফলত আৰক্ষী চক্ৰ বিষয়াই ৪৮ ঘন্টাৰ ভিতৰত ঘটনাৰ সৈতে জড়িত লোকক আটক কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মৃতদেহ সৎকাৰ কৰাৰ বাবে পৰামৰ্শ দিয়ে। উল্লেখ্য যে ঘটনাৰ সৈতে জড়িত থকা লোকক ৪৮ ঘন্টাৰ ভিতৰত আটক কৰা হ'ব বুলি সময় দিয়া আৰক্ষীয়ে বৰ্তমান ৭২ ঘন্টাৰ পিছতো এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

অভিযোগ অনুসৰি, সত্যক ঢাকি ৰখাৰ উদ্দেশ্যে উক্ত হত্যাকাণ্ডক একাংশ লোকে অন্যৰূপ দিবলৈ উঠি-পৰি লাগি থকাৰ সময়ত দাদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন তালুকদাৰে মৃত মনোৱাৰৰ মাতৃৰ ডি এন এ পৰীক্ষা কৰাব লাগিব বুলি পৰিয়ালক ফোন যোগে অৱগত কৰে।

পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা মৃতদেহটোৰ লংপেন্টৰ লগতে মৃতকৰ ভৰিত থকা টেমুনাৰ উপৰি শৰীৰৰ নিম্নাংশত থকা বিভিন্ন চিহ্ন লক্ষ্য কৰি মৃতদেহটো মনোৱাৰৰ হয় বুলি চিনাক্ত কৰাৰ পিছতো মাতৃৰ ডি এন এ সংগ্ৰহ কৰা বিষয় নৰৰ্থক বুলি মত পোষণ কৰিছে স্থানীয়লোকে। দাদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন তালুকদাৰে মৰণোত্তৰ পৰীক্ষাৰ দিনা মাতৃৰ ডি এন এ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ নকৰা বাবেই কালি (২৫ জুলাই তাৰিখে) দিনৰ ভাগত মনোৱাৰৰ মাতৃয়ে পুনৰ জি এম চি এইচত গৈ ডি এন এ পৰীক্ষাৰ বাবে নমুনা প্ৰদান কৰে।

Also Read: পুনৰ ন- বোৱাৰীৰ আত্মহত্যা, স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

Assam police