পুনৰ ন- বোৱাৰীৰ আত্মহত্যা, স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত এৰাধলৰ হেৰামত গাওঁত মঙলবাৰে এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ আত্মহত্যা ঘটনাকলৈ সম্প্ৰতি অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

author-image
Asomiya Pratidin
New Update
পুনৰ ন- বোৱাৰীৰ আত্মহত্যা, স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত এৰাধলৰ হেৰামত গাওঁত মঙলবাৰে এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ আত্মহত্যা ঘটনাকলৈ সম্প্ৰতি অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ তথ্য মতে হেৰাম গাওঁৰ পৰাগজ্যোতি দত্তৰ নৱ বিবাহিতা পত্নী তথা ৭ মাহৰ সন্তান সম্ভৱা আছিল মহিলাগৰাকী।

Advertisment

ঘৰৰ এখন খিৰিকীৰ গ্ৰীলত চাদৰ কাপোৰেৰে চিপ লৈ আত্মহত্যা কৰে বোৱাৰী গৰাকীয়ে। অৱশ্যে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে। তেওঁলোকৰ মতে সাধাৰণভাৱেহে মহিলাগৰাকীৰ ডিঙি বান্ধি থোৱা আছিল।

মাটিৰ পৰা মাত্ৰ দুই ইঞ্চিমান ওপৰতে বোৱাৰীগৰাকীৰ ভৰি আছিল। যাক লৈ একাংশই সন্দেহ কৰিছে। তদুপৰি ঘটনা সংঘটিত হোৱাৰে পৰা বহু পলমকৈহে স্বামী গৃহই বোৱাৰীগৰাকীৰ মাতৃগৃহত খবৰ দিছিল।

উল্লেখযোগ্য যে স্বামী গৃহৰ পৰা বোৱাৰীজনী ঘৰলৈ অতি বেছি দুই কিলোমিটাৰ মানহে দূৰত্ব । তাৰপাছতো আত্মহত্যা হোৱা সম্পৰ্কে বহু পলমকৈ স্বামী গৃহৰ পৰিয়ালে বিয়লি ৪.৩০ মান বজাতহে মহিলাগৰাকীৰ পৰিয়ালক অৱগত কৰিছিল।

বোৱাৰীগৰাকীৰ মাতৃ গৃহৰ পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী কৰে। মঙলবাৰে নিশা ১১ বজাৰ পৰ্যন্ত ধেমাজি সদৰ আৰক্ষী থানাত উপস্থিত হয় স্থানীয় ৰাইজসকল ৷ জানিব পৰা মতে বিগত বৰ্ষতেই পৰাগজ্যোতি দত্তৰ সৈতে ভেহপৰা গাওঁৰ ৰিছা কোঁৱৰে বিবাহপাশত আৱদ্ধ হৈছিল ৷

অৱশ্যে বৰ্তমান সময়লৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য।ইতিমধ্যে মঙলবাৰে নিশায়েই পৰাগজ্যোতি দত্তক ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছ।

Also Read: কাৰ্গিল যুদ্ধতেই দেশৰ বাবে শ্বহীদ হৈছিল কেপ্টেইন জিন্টু গগৈ...

Assam police