পথ অনুমান কৰিব নোৱাৰি পানীত পৰি মৃত্যু মহিলাৰ...

উত্তৰ গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কৃত্রিম বানত মৃত্যু এগৰাকী মহিলাৰ। শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
পথ অনুমান কৰিব নোৱাৰি পানীত পৰি মৃত্যু মহিলাৰ...

ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কৃত্রিম বানত মৃত্যু এগৰাকী মহিলাৰ। শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

Advertisment

নিহত মহিলাগৰাকী কঁটাহবজাৰৰ ৰুক্মিণী বড়ো বুলি জানিব পৰা গৈছে। পথ অনুমান কৰিব নোৱাৰি জমা হৈ থকা পানীত পৰি মৃত্যু মহিলাগৰাকীৰ।

নেৰানেপেৰা বৰষুণৰ ফলত কৃত্রিম বানত বুৰ গৈ আছে উত্তৰ গুৱাহাটীৰ কেইবাটাও অঞ্চল। ৰুদ্রেশ্বৰ, মধুপুৰ, ৰহধলা আদি অঞ্চল এতিয়াও পানীৰ তলত।

এই ঘটনাৰ পাছতে উত্তৰ গুৱাহাটী নগৰ সমিতিৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। কৃত্রিম বান প্রতিৰোধৰ উপযুক্ত ব্যৱস্থাত নকৰাত ক্ষোভ প্ৰকাশ ৰাইজৰ।

Also Read: সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী উপ- অধীক্ষক শ্বেখ আদিল মুস্তাক

flood