/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e3a66e32-d10a-4155-8c47-7da9b64ea057/AP_FOR_WEB_new_jammu.jpg)
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন উপ-অধীক্ষক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জম্মু আৰু কাশ্মীৰৰ স্থানীয় আদালতৰ দ্বাৰা নিৰ্দেশ জাৰি কৰাৰ পিছত গ্ৰেপ্তাৰ হৈছে আৰক্ষী বিষয়াগৰাকী। গ্ৰেপ্তাৰ হোৱা আৰক্ষী উপ- অধীক্ষক গৰাকী শ্বেখ আদিল মুস্তাক বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি তেওঁ এজন সন্ত্ৰাসবাদীক পলায়ন কৰাত সহায় কৰিছিল। বৃহস্পতিবাৰে আৰক্ষীয়ে জনাই এই কথা। আৰক্ষীয়ে জনাই যে, শ্বেখ আদিলক বুধবাৰে নৌগাম আৰক্ষী থানাৰ বিষয়াই গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ লগতে বহু অভিযোগ আছে। ইয়াৰ পাছতে আদালতে তেওঁক ৬ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।
সূত্ৰ অনুসৰি জানিব পৰা মতে জুলাইত গ্ৰেপ্তাৰ হোৱা এজন সন্ত্ৰাসবাদীৰ ফোনৰ পৰা বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল। আদিলে সেই সন্ত্ৰাসবাদীজনৰ সৈতে সম্পৰ্কত আছিল। কেনেকৈ আইনৰ পৰা সাৰিব পাৰি তাৰ উপায়ো দিছিল আদিলে। টেলিগ্ৰামতো বহু সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্কত আছিল আদিল।
এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধেও ষড়যন্ত্ৰ ৰচিছিল আদিলে। যাৰ বাবে ভুৱা গোচৰ ৰুজু কৰিছিল। এই সকলোবোৰ কামৰ বাবে টকা লৈছিল আদিলে। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আদিল। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।
Also Read: চলন্ত ৰে'লত মহিলা কনিষ্টবলক নিৰ্যাতনঃআৰক্ষীৰ গুলীত নিহত অনিষ খান