দিল্লী পৰ্যটন বিভাগৰ উদ্যোগত উত্তৰ-পূব সাংস্কৃতিক মহোৎসৱৰ আয়োজন

দিল্লী পৰ্যটন বিভাগৰ উদ্যোগত উত্তৰ-পূব সাংস্কৃতিক মহোৎসৱৰ আয়োজন

ডিজিটেল সংবাদ,গুৱাহাটী : উত্তৰ-পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতিক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। দিল্লী পৰ্য্যটন বিভাগৰ উদ্যোগত অহা ১৬ আৰু ১৭ ডিচেম্বৰত ৰাজধানী চহৰখনত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হ'ব 'উত্তৰ-পূব সাংস্কৃতিক মহোৎসৱ' শীৰ্ষক অনুষ্ঠান।

উদ্যোক্তাসকলে জনোৱা অনুসৰি দিল্লীৰ চেন্ট্ৰেল পাৰ্কত অনুষ্ঠিত কৰা হ'ব উক্ত অনুষ্ঠান। 'উত্তৰ-পূব সাংস্কৃতিক মহোৎসৱ'ত উত্তৰ-পূবৰ নৃত্য আৰু গীতৰ সমাৱেশ ঘটিব।

উক্ত দুয়োটা দিনৰ কাৰ্য্যসূচীতে উত্তৰ-পূবৰ জনপ্ৰিয় নৃত্য দল আৰু সংগীতৰ বেণ্ডসমূহে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে দুয়োটা দিনৰ কাৰ্য্যসূচীসমূহ সন্ধিয়া ৬-৩০ বজাৰ পৰা নিশা ৯-৩০ বজালৈকে অনুষ্ঠিত কৰা হ'ব।

দিল্লী পৰ্যটন বিভাগৰ উদ্যোগত উত্তৰ-পূব সাংস্কৃতিক মহোৎসৱৰ আয়োজন
পেঙেৰীত শিশু সৰবৰাহৰ অভিযোগত তিনি সৰবৰাহকাৰীক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in