পেঙেৰীত শিশু সৰবৰাহৰ অভিযোগত তিনি সৰবৰাহকাৰীক আটক

শিশু সৰবৰাহ ঘটনাত আৰক্ষীৰ পত্নী জড়িত থকাৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
পেঙেৰীত শিশু সৰবৰাহৰ অভিযোগত তিনি  সৰবৰাহকাৰীক আটক

ডিজিটেল সংবাদ, ফিল’বাৰী : শিশু সৰবৰাহ কাণ্ডৰে জড়িত থকাৰ অভিযোগত পেঙেৰীত ৩গৰাকীক আটক কৰা হৈছে। তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত পেঙেৰী চাহ বাগিচা এলেকাত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) আৰু সদৌ আদিবাসী ছাত্ৰ সন্থাৰ স্থানীয় গোটে বৃহস্পতিবাৰে ৩জন শিশু সৰবৰাহত অভিযুক্তক আটক কৰি আৰক্ষীক গতাই দিয়ে।

Advertisment

উল্লেখযোগ্য যে, শিশু শ্ৰমিক সৰবৰাহকাৰীসকলে অৰুণাচল প্ৰদেশৰ "এন্টি হিউমেন ট্ৰেফিক ইউনিত" বুলি উল্লেখ কৰা আৰু অৰুণাচল আৰক্ষীৰ নামত পঞ্জীয়ন কৰা এ আৰ ০১ কিউ ৬৯০৮ নং বাহন খন ব্যৱহাৰ কৰিছিল। দুয়োটা ছাত্ৰ সংগঠনে তিনিগৰাকী আৰোহী আৰু বাহনখন জব্দ কৰি স্থানীয় আৰক্ষীক অৱগত কৰাত আৰক্ষী উপস্থিতহৈ লোক কেইজনক আটক আৰু বাহনখন জব্দ কৰে।

শিশু সৰবৰাহৰ অভিযোগত অভিযুক্ত ধৃত মহিলা দুগৰাকী অৰুণাচল প্ৰদেশৰ চাংলাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পত্নী, আন গৰাকী তেওঁৰ সহযোগী আৰু চালকজন চাংলাং আৰক্ষী থানাৰ কনিষ্টবল বুলি ভিতৰুৱা সূত্ৰত প্ৰকাশ। আনহাতে, দুয়োটা ছাত্ৰ সংগঠন আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বিগত প্ৰায় এটা দশকৰ পৰা অৰুণাচল প্ৰদেশৰ উচ্চ বিত্তীয় সমাজখনত এক অশুভ শিশু শ্ৰমিক পৰম্পৰাৰ সৃষ্টি হৈছে।

ইতিমধ্যে সৰবৰাহকাৰীয়ে অৰুনাচল সীমান্তৰ অসমৰ বাগিচা আৰু গাঁও অঞ্চলৰ বহু সংখ্যক দৰিদ্ৰ পৰিয়ালৰ শিশুক তেওঁলোকৰ পিতৃ মাতৃ তথা অভিভাৱকক প্ৰলোভন, ভয়-ভাবুকি প্ৰদান কৰি নিজ গৃহত আবদ্ধ কৰি থোৱাৰ উপৰিও শোষণমূলক কামত বলপূৰ্বক ব্যৱহাৰ কৰিছে। আছা আৰু আটছাই অসমৰ পৰা সৰবৰাহ কৰা সকলো শিশুক শীঘ্ৰে ঘূৰাই পঠোৱাৰ দাবী উত্থাপন কৰাৰ লগতে দোষীৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

Also Read: ঘোঁৰামাৰী গাঁও পঞ্চায়তত "বিকশিত ভাৰত সংকল্প যাত্ৰা" কাৰ্যসূচীত মন্ত্ৰী পীযুষ

tinsukia police arunachal arunachal police Assam police