/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c7602f5e-5449-4114-a4ba-77e6acdce450/nnn.jpg)
ডিজিটেল ডেস্ক : 'উঠিবলৈ ৰাস্তা নাই,চাৰিওফালে কেৱল কলৰ বাগান। হাস্পতাল বনাবলৈ লাগে ৭ বিঘা মাটি। মৰসাহ গোটাই আগবাঢ়িছিলো এখন কেন্সাৰ হাস্পতাল বনাবলৈ।' এই মন্তব্য নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ পৰিচালন সঞ্চালক ডা০ মুনিন্দ্ৰ নাৰায়ণ বৰুৱাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/9c6e4b33-098c-432c-98a8-201f4396539e/389d5a64_988c_42c5_9b1e_0f6bcc5a2d40.jpg)
২০০৮ চনৰ ১৯ আগষ্টত ডা০ প্ৰণৱ মল্ল বৰুৱা,গণেশ তামুলী,ডা০ ৰাজ চাংকাকতি,তানচিমাম আৰু ডা০ মুনিন্দ্ৰ নাৰায়ণ বৰুৱাৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত গুৱাহাটী মহানগৰীৰ উপকণ্ঠ অঞ্চল যোৰাবাটত স্থাপন কৰা হৈছিল নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ। ৰোগীসকলৰ মুখত এমোকোৰা হাঁহি বিৰিঙাই তোলাৰ প্ৰয়াসেৰে ১৯ আগষ্ট শনিবাৰে নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউটৰ ১৫ সংখ্যক বৰ্ষপুৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/91274893-8f8d-4d9b-83c1-ca15b8d0b217/e2b83a78_9f5a_4c2a_acaa_fab5633eb754.jpg)
এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত আয়োজিত অনুষ্ঠানটিত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই। ইফালে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সুকণ্ঠী গায়িকা গীতালি দেৱী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2091f086-ef2b-4129-acdb-9e79992bcc5e/2a8a1a34_6baf_499f_982a_b1980f769c6a.jpg)
এক মহৎ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ অধ্যক্ষ গণেশ তামুলীয়ে। ইয়াৰ পিছতে বৰ্ষপুৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি হাস্পতাল কৰ্তৃপক্ষৰ তৰফৰ পৰা ৰোগীসকলৰ ওচৰত গৈ ফলমূল,ফলৰ ৰস ইত্যাদি স্বাস্থ্য়সন্মত লঘু আহাৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/29db6523-06cb-44fb-8854-6c27296b1928/3618c3c7_ea6f_48d1_86c5_6cf58996e740.jpg)
এই কাৰ্যসূচীত মুখ্য অতিথি প্ৰকাশ মহন্ত,অতিথি গীতালি দেৱী,সঞ্চালক ডা০ প্ৰণৱ মল্লবৰুৱা আৰু অধ্যক্ষ গণেশ তামুলীয়ে ৰোগীসকলৰ ওচৰত গৈ এই আহাৰ প্ৰদান কৰাৰ লগতে মত-বিনিময় কৰে। লঘু আহাৰ প্ৰদান আৰু মত-বিনিময়ৰ পিচতে হাস্পতালৰ প্ৰেক্ষাগৃহত বৰ্ষপুৰ্তি উপলক্ষে মূল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2484f5db-f7d5-4807-aded-027d57c157e6/8b55de28_89d3_4b51_a951_93cbe52f7993.jpg)
এই অনুষ্ঠানত পৰিচালন সঞ্চালক ডা০ মুনিন্দ্ৰ নাৰায়ণ বৰুৱাই হাস্পতাল স্থাপনৰ সন্দৰ্ভত কেতবোৰ স্মৃতি ৰোমন্থন কৰে। তেওঁ কয় যে, নানা ঘাত-প্ৰতিঘাত নেওচি আজি নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালে এই ১৫ বছৰীয়া বৰ্ষপুৰ্তিত ভৰি দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e3f743ad-44dd-4b00-80af-e25b39da77a8/14b7bcd9_50b5_431f_9cd8_a273fa95acb3.jpg)
লগতে কেন্সাৰ ৰোগ সন্দৰ্ভত তেওঁ কয় যে, সাধাৰণতে "ষ্টেজ ১ বা ষ্টেজ ২"ত কেন্সাৰ ৰোগ ধৰা পৰাৰ সময়ত চিকিৎসা প্ৰদান কৰিলে সুফল পোৱা যায়। কিন্তু ইয়াৰ পিচৰ অৱস্থাত এই ৰোগৰ অৱস্থিতি ধৰা পৰিলে তাক নিৰাময় কৰাৰ ক্ষেত্ৰত কিছু জটিলতাৰ সৃষ্টি হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8d94b10c-6ee2-49ad-8704-0f20c562bdcd/54bee341_4586_493b_aa06_d3622c61b6c8.jpg)
ইফালে মুখ্য অতিথিৰ ভাষণত প্ৰকাশ মহন্তই কয়-'হাস্পতাল ডাঙৰ হ'লেই নহ'ব, যদি কাম সৰু হয়, হাস্পতাল সৰু হওক কিন্তু কাম ডাঙৰ হ'ব লাগিব। যিটো ক্ষেত্ৰত নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰ এক নিদৰ্শন। হাস্পতাল কৰ্তৃপক্ষৰ ৰোগীৰ প্ৰতি যিটো সেৱাৰ মনোভাৱ ই সঁচাকৈয় প্ৰসংশনীয়' বুলি জ্যেষ্ঠ সাংবাদিক মহন্তই মন্তব্য় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/eda56651-cc1d-473b-9e8b-00d6b1b088fb/a359514a_8119_41c8_bb06_13d8192652fc.jpg)
লগতে তেওঁ কিউবাৰ ফিডেল ক্যাস্ট্রোৰ প্ৰসংগৰে এখন দেশ চিকিৎসাৰ ক্ষেত্ৰত কি পৰ্যায়লৈ যাব পাৰে তাৰ নিদৰ্শন সন্দৰ্ভতো এক সুন্দৰ বিশ্লেষণ আগবঢ়ায়। অনুষ্ঠানত সঞ্চালক ডা০ প্ৰণৱ মল্লবৰুৱায়ো গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/211b137b-6a3e-4150-ae67-b38fc38fa5ba/5f4f239b_d809_4b1d_bfa1_41cdb80ac5bd.jpg)
মুখ্য অতিথিৰ ভাষণৰ পিচতে চিকিৎসক-কৰ্মচাৰীৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা জনপ্ৰিয় গায়িকা গীতালি দেৱীয়ে সংগীত পৰিৱেশন কৰি অনুষ্ঠানত উপস্থিত থকা সকলোকে আমোদ দিয়ে। এই সাংস্কৃতিক অনুষ্ঠানতে চিকিৎসক তথা কবি ডা০ ধীৰেণ কুমাৰ নাথ 'এটা শব্দৰ মৃত্যু' শীৰ্ষক কবিতাটি তপন কলিতাই আবৃতি কৰে। লগতে নাৰ্চ তথা আন কৰ্মচাৰীসকলে নৃত্য পৰিৱেশন কৰি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠনটি আৰু অধিক জীপাল কৰি তোলে। শেষত শলাগৰ শৰাই আগবঢ়াই ডা০ ধীৰেন কুমাৰ নাথে।