উত্তৰ কাছাৰত শূন্য বিৰোধীঃ সৰ্বত্ৰে কেৱল বিজেপি...

উত্তৰ কাছাৰত শূন্য বিৰোধীঃ সৰ্বত্ৰে কেৱল বিজেপি...

author-image
Asomiya Pratidin
New Update
উপ নিৰ্বাচনক লৈ সাজু শাসকীয় দলঃ ৫ সমষ্টিৰ দায়িত্ব প্ৰদান নেতা-বিধায়কক

উত্তৰ কাছাৰ শূন্য বিৰোধীঃ সৰ্বত্ৰে কেৱল বিজেপি...

ডিজিটেল ডেস্কঃ কংগ্ৰেছ শূন্য তথা বিৰোধী মুক্ত হ'ল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ। শুকুৰবাৰে ঘোষিত ফলাফল অনুসৰি স্বায়ত্ব শাসিত পৰিষদখনৰ মুঠ ২৮ খন আসনৰ ভিতৰত ২৫ খন আসনতেই বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বিপৰীতে ৩ টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।

Advertisment

পৰিষদখনৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়েও প্ৰৰ্থী প্ৰক্ষেপ কৰিছিল যদিও দল দুটাৰ এজনো প্ৰাৰ্থীয়ে বিজয়ৰ মুখ নেদেখিলে। পৰিষদখনৰ শক্তিশালী প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী দেবোলাল গাৰ্লোচনাই দিহাংগী সমষ্টিৰ পৰা বিপুল ভোটত বিজয় সাব্যস্ত কৰিছে।

একেদৰে হাতীখালি সমষ্টিৰ পৰা বিজয়ী হৈছে নিৰঞ্জন হোজাই। পৰিষদখনৰ অন্যতম চৰ্চিত আৰু কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী সমৰজিত হাফলংবাৰ দাওতোহাজা সমষ্টিত পৰাজিত হৈছে। সমৰজিত হাফলংবাৰ আছিল পৰিষদখনৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা প্ৰাক্তন বিধায়ক।

পৰিষদখনৰ অন্যতম এটা চৰ্চিত সমষ্টি চেমখৰত অৱশ্যে পৰাজিত হয় বিজেপিৰ দ্বাৰা প্ৰক্ষেপিত ৰানু লাংথাচা। তেওঁক পৰাস্ত কৰি নিৰ্দলীয় প্ৰাৰ্থী হেৰজিত জিডোং বিজয়ী হৈছে।

একেদৰে বিজেপি প্ৰাৰ্থী পৰাস্ত হোৱা আন দুটা সমষ্টি হৈছে দিহামলাই আৰু দলং। এই দুয়োটা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰাংগালুংবে জেমি আৰু জন পাইতঙে বিজয় সাব্যস্ত কৰিছে।

চাওঁক পৰিষদখনৰ নিৰ্বাচনক সম্পূৰ্ণ ফলাফলঃ

Also Read: বঢ়মপুৰৰ বিদ্যালয়ত চুৰিকাণ্ড...

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ বিজেপি