/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/02276453-7513-4ea7-947f-6daeb539b6a8/barhampur_13.jpg)
বঢ়মপুৰৰ বিদ্যালয়ত চুৰিকাণ্ড...
ডিজিটেল সংবাদ বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰত আজি পুৱাই এখন বিদ্যালয়ত চুৰি হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে,শুকুৰবাৰে নিশা বঢ়মপুৰ ঘোগৰগাঁওস্থিত ৮১৯ নং ঘোগৰগাঁও প্রাথমিক বিদ্যালয়ত চোৰে চুৰি কাৰ্য চলায়।
বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ কাৰণে মজুত কৰি ৰখা মধ্যাহ্ন ভোজনৰ সকলো সা-সামগ্ৰী চোৰে চুৰ কৰি নিয়াৰ লগতে আলমিৰা ভাঙি গুৰুত্বপূৰ্ণ নথি পত্ৰ লণ্ডভণ্ড কৰি বিদ্যালয়ত থকা চাউণ্ড চিষ্টেমটো চুৰি কৰি নিয়ে।
ইতিমধ্যে বিদ্যালয়ৰ ফালৰ পৰা সমগ্ৰ ঘটনা সন্দৰ্ভত নগাঁও ইটাচালি টাউন আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।
Also Read: ছিপাঝাৰৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনিজনীয়া গভাইত চোৰৰ দল...