মহানগৰীত চাঞ্চল্যঃ হত্যাৰ পাছতে দিন দুপৰতে স্কুটীত উঠাই আনিলে মৃতদেহ

মহানগৰীত চাঞ্চল্যঃ হত্যাৰ পাছতে দিন দুপৰতে স্কুটীত উঠাই আনিলে মৃতদেহ

ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দেওবাৰে পোহৰলৈ আহিছে নুনমাটি গণেশ মন্দিৰ পথৰ পৰা ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা ।

স্কুটিত আগফালে উঠাই দিন দুপৰতে লৈ আহিল মৃতদেহ । নুনমাটি গণেশ মন্দিৰ ১৪নং উপপথত সংঘটিত হৈছে এই ভয়ানক ঘটনা ।

শনিবাৰে সন্ধিয়া প্ৰায় ৫বজাত মৃতদেহ কঢ়িয়াই নিয়া দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত। মৃতদেহটো প্ৰথমে ১২নম্বৰ উপপথত পেলোৱাৰ চেষ্টা কৰিছিল ধৃত দুৰ্বৃত্তই। পাছত স্থানীয় ৰাইজে দেখাত পুনৰ ১৪নম্বৰ পথলৈ লৈ যায় মৃতদেহ ।

হত্যাৰ বলি হোৱা লোকজনৰ নাম ৰোহিত দৰ্জী বুলি চিনাক্ত হৈছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। অৱশ্যে কোনে, কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

মহানগৰীত চাঞ্চল্যঃ হত্যাৰ পাছতে দিন দুপৰতে স্কুটীত উঠাই আনিলে মৃতদেহ
সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে মৃন্ময় চৌধুৰীলৈ এনাজৰীৰ 'যুৱ সমাজকৰ্মী' বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in