/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/719d6532-9b2a-4c05-8552-f88192e00208/mrr.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য, সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰখনক সমৃদ্ধ কৰাৰ লক্ষ্যৰে অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা 'এনাজৰী'য়ে এই ক্ষেত্ৰসমূহত নিষ্ঠা আৰু সততাৰে কাম কৰি অহা লোকসকলক উৎসাহ যোগোৱা উদ্দেশ্যে প্রতিবছৰে প্রদান কৰি আহিছে 'এনাজৰী বঁটা'। এইবাৰো ঘোষণা কৰা হৈছে এই বঁটা।
এক প্ৰেছ বিজ্ঞাপ্তি যোগে ২০২৩ বৰ্ষৰ এনজৰীয়ে চলিত বৰ্ষৰ বঁটা প্রাপকসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। বিভিন্ন ক্ষেত্ৰৰ লগতে সমাজিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবেও এই বঁটা প্ৰদান কৰা হয়।
চলিত বৰ্ষৰ এনাজৰীৰ যুৱ সমাজকৰ্মী বঁটাৰ বাবে নিৰ্বাচিত হৈছে নলবাৰী জিলাৰ বালিতাৰা নিৱাসী মৃন্ময় চৌধুৰী। সমাজৰ আগৰণুৱা ব্যক্তি হিচাপে পৰিচিত মৃন্ময় চৌধুৰীয়ে সমাজৰ হকে বিভিন্ন কাম কৰি আহিছে।
পেচাত এগৰাকী জ্যেষ্ঠ অভিযন্তা মৃন্ময় চৌধুৰী। বিগত কেইবাবছৰ ধৰি তেওঁ কেৱল সামাজিক ক্ষেত্ৰখনতেই নহয়, ব্যক্তি বিশেষকো সহায় কৰি আহিছে। চাকৰিত যোগদান কৰাৰ পাছতেই চৌধুৰীয়ে সমাজৰ উন্নয়নৰ হকে বিভিন্ন দান বৰঙণি আগবঢ়াই আহিছে।
বালিতাৰাস্থিত দিব্যবন্তি হাইস্কুলৰ মঞ্চ দান কৰাৰ লগতে চৌধুৰীয়ে গাঁৱতে অৰ্ধনিৰ্মিত অৱস্থাত থকা দুৰ্গা মন্দিৰ আৰু এটি বিষ্ণু মন্দিৰো পুনঃনিৰ্মাণ কৰিছে। ইয়াৰোপৰি বিভিন্নজনক সহায়, দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ খৰচো বহন কৰি আহিছে চৌধুৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c44603f5-349f-4318-9985-d7b67008fecc/4eaabce0_9217_4eb7_ae9f_25530251339e.jpg)
বঁটা ঘোষণা হোৱাৰ পাছতে চৌধুৰীৰ লগত হোৱা কথা-বতৰাত তেওঁ কয় যে, মোৰ যথেষ্ঠ ভাল লাগিছে। বহুদিনৰ পৰা সমাজৰ হকে কাম কৰি আহিছো আৰু এতিয়া এই বঁটা লাভে মোক দুগুণ উৎসাহ যোগাইছে। এই বঁটাৰ যোগ্য হিচাপে মোক বিবেচিত কৰাৰ বাবে এনাজৰীৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক মোৰ ধন্য়বাদ। আগন্তুক দিনক আৰু অধিক সমাজৰ কামত জড়িত হৈ পৰিব বুলি কয় চৌধুৰীয়ে ।
তেওঁ কয় যে, আৰ্তজনৰ ওচৰত থিয় দি মই সুখ অনুভৱ কৰো। কাৰোবাৰ বেমাৰতে হওক বা দুখীয়া ল'ৰা-ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত সহায় কৰিব পাৰিলে মই যি সুখ লাভ কৰো সেয়া টকা-পইচাৰে মই কেতিয়াও কিনিব নোৱাৰিম। মই ভৱিষ্যতেও সমাজৰ হকে কাম কৰি যাম। আৰু চেষ্টা কৰিম আগন্তুক সময়ত মোৰ কাম সমাজৰ হিতৰ বাবে সহায়ক হওক।
উল্লখ্য যে অহা ১৫ অক্টোবৰ, ২০২৩ তাৰিখ ৰবিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধবদেৱ প্রেক্ষাগৃহত শিল্পী-সাহিত্যিক আৰু প্ৰশাসনীয় বিষয়াৰ সমাহাৰে এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত এই বঁটা সমূহ প্রদান কৰা হ'ব।
Also Read: কিহৰ বাবে বিশ্বনাথৰ মেধাৱী ছাত্ৰীয়ে ল'লে চৰম পন্থা?