কাজলগাঁৱত ৬ সংৰক্ষিত শ্ৰেণীৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক

প্ৰমোদ বড়োৰ নেতৃত্বতাধীন বিটিচি প্ৰশাসনে বিটিআৰ এলেকাত ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নতুন ভূমিনীতি ঘোষণা কৰিছে
কাজলগাঁৱত ৬ সংৰক্ষিত শ্ৰেণীৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক

ডিজিটেল সংবাদ, চিৰাং : প্ৰমোদ বড়োৰ নেতৃত্বতাধীন বিটিচি প্ৰশাসনে বিটিআৰ এলেকাত ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নতুন ভূমিনীতি ঘোষণা কৰিছে। তাকে লৈ বিটিআৰ এলেকাত বসবাস কৰা বিশেষকৈ অজনজাতি লোক সকলৰ মাজত এক অসন্তুষ্টিৰ বাতাবৰণ চলিছে।

তাৰ মাজতেই দেওবাৰে বিটিচি প্ৰশাসনৰ এই নতুন ভূমিনীতিক লৈ বিটিআৰ এলেকাত বসবাস কৰা কোচ-ৰাজবংশী, গোৰ্খা, চাওঁতাল, নাথ যোগী, চাহ জনজাতি আৰু অনুসূচীত জাতিসকলৰ উমৈহতীয়া মঞ্চ বিটিআৰ এলেকাৰ সুৰক্ষিত শ্ৰেণীৰ সমন্বয়ৰক্ষী সমিতিৰ কাজলগাঁৱত এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয় ।

লক্ষ্যনীয় বিষয় যে ২০২০ চনত বিটিআৰ শান্তিচুক্তি সম্পাদিত হোৱাৰ পিছত প্ৰমোদ বড়ো নেতৃত্বতাধীন পৰিষদীয় চৰকাৰ গঠন কৰাৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰু প্ৰমোদ বড়ো প্ৰশাসনক মুকলিকৈ সমৰ্থন দি কাম কৰি অহা এই সমন্বয়ৰক্ষী সমিতিয়ে আজি নতুন ভূমিনীতিৰ বিৰোধিতা কৰি বৈঠক অনুষ্ঠিত কৰাটো ৰাজনৈতিক দিশত বিশেষ তাৎপৰ্য বহন কৰিছে ।

চিৰাং জিলা সদৰ কাজলগাঁৱৰ বড়োলেণ্ড অতিথিশালাত বিটিআৰ এলেকাৰ সুৰক্ষিত শ্ৰেণীৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক তথা গোৰ্খা সমাজৰ সভাপতি দীপক নিৰোলাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত চাওঁতাল জনগোষ্ঠীৰ হৈ সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰীমেন চোৰেণ, জিলা সভাপতি ছলমান মুৰ্মু, কোচৰাজবংশী জনগোষ্ঠীৰ হৈ সদৌ বিটিআৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক মণিৰাম ৰায়, অনুসূচীত জাতীয় পৰিষদৰ গজেন ৰায়, গোৰ্খা সমাজৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম প্ৰধান, চাহ জনগোষ্ঠীৰ হৈ লক্ষ্মীধৰ তাঁতী, নাথ-যোগী জনগোষ্ঠীৰ হৈ নেতা কৰ্মীসকল উপস্থিত থাকে ।

বৈঠকৰ অন্তত এক সংবাদ মেলৰ আয়োজন কৰি বিটিআৰ এলেকাৰ সুৰক্ষিত শ্ৰেণীৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক তথা গোৰ্খা সমাজৰ সভাপতি দীপক নিৰোলাই কয় যে কিছুদিন আগতে বিটিআৰ এলেকাত বসবাস অজনজাতি লোক সকলৰ ভূমি ক্ৰয় বিক্ৰয়ক লৈ বিটিচি প্ৰশাসনৰ পৰা যি নতুন ভূমিনীতিৰ কথা ঘোষণা কৰিছে, সেই নতুন ভূমিনীতিক লৈ বিটিআৰ এলেকাৰ সংৰক্ষিত শ্ৰেণীৰ ৬ জনগোষ্ঠীৰ উপৰি অন্যান্য অজনজাতি লোক সকলৰ মাজত তীব্ৰ বিষোদগাৰ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে বৈঠকত মূলতঃ সেই বিষয়ৰ ওপৰতে গভীৰ পৰ্য্যালোচনা কৰা হয় । বৈঠকত বিগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ সময়ত ইউপিপিএল দলে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত বিটিআৰ এলেকাত সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা লাভ কৰা লোক সকলৰ ভূমিৰ অধিকাৰ, ক্ৰয় বিক্ৰয়ক লৈ যিধৰনৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল বৰ্তমান সময়ত ইউপিপিএল নেতৃত্বতাধীন বিটিচি প্ৰশাসন ফালৰি কাটি যোৱা পৰিলক্ষিত হৈছে বুলি আলোচনা হয় ।

নতুন ভূমিনীতিক কেন্দ্ৰ কৰি সমগ্ৰ বিটিআৰ এলেকাৰ সংৰক্ষিত শ্ৰেণীৰ মৰ্য্যাদাপ্ৰাপ্ত ৬ জনগোষ্ঠীৰ লগতে অন্যান্য অজনজাতি লোকৰ মাজত যি ধৰণৰ অসন্তুষ্টিয়ে দেখা দিছে সেই বিষয়টো বিটিচি প্ৰধান প্ৰমোদ বড়োই গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত বুলি বৈঠকত আলোচনা হয় । ইউপিপিএল দলে পৰিষদীয় নিৰ্বাচনৰ সময়ত দলীয় নিৰ্বাচনী ইস্তাহাৰত ভূমিনীতিক লৈ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰাপ্ত ছয় জনগোষ্ঠীৰ যিখিনি অধিকাৰ দিয়াৰ কথা উল্লেখ কৰিছে সেইমতে কাম কৰি যাবলৈ প্ৰমোদ বড়োক আহ্বান জনায় ।

এই সমগ্ৰ বিষয়টো আজিৰ বৈঠকত চালিজাৰি চাই সমন্বয়ৰক্ষী সমিতি ফালৰ পৰা এটা সজাঁতি দল কম সময়ৰ ভিতৰত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ সৈতে বৈঠকত বহাৰ সিদ্ধান্ত কৰে আৰু বৈঠকত মিলিত হৈ নতুন ভূমিনীতিক কেন্দ্ৰ কৰি ৰাইজৰ সুবিধা অসুবিধাৰ কথা অৱগত কৰাৰ লগতে বিটিচি পৰিষদীয় নিৰ্বাচনৰ সময়ত ইউপিপিএল দলৰ নিৰ্বাচনী ইস্তাহাৰ মতে ভূমিনীতি কাৰ্যকৰী কৰাৰ আহ্বান জনোৱা হ'ব বুলি সংবাদ মেলত উল্লেখ কৰে ।

লোকসভা নিৰ্বাচন সমাগত আৰু এই মুহূৰ্তত বিটিআৰ এলেকাত নতুন ভূমিনীতিক লৈ সংৰক্ষিত শ্ৰেণীৰ জনগোষ্ঠীয় লোক সকলৰ উপৰি অন্যান্য অজনজাতি লোক সকলৰ মাজত চলি থকা ক্ষোভৰ মাজতেই ইউপিপিএল দলক সমৰ্থন কৰা সুৰক্ষিত শ্ৰেণীৰ ৬ জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চৰ নতুন ভূমিনীতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বৈঠক অনুষ্ঠিত কৰা এই বিষয়টো কিন্তু আগন্তুক লোকসভা নিৰ্বাচনত বিটিআৰ এলেকাত এটা ডাঙৰ ৰাজনৈতিক ইচ্ছ্যু হিচাপে পৰিগণিত হোৱাৰ প্ৰৱল সম্ভৱনা আছে বুলি বিবেচিত হৈছে ।

কাজলগাঁৱত ৬ সংৰক্ষিত শ্ৰেণীৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক
সামৰণি পৰিল Trends প্রতিদিন বিহুৰে বিৰিণা ছিজন-৮ৰ :পাহাৰী বুঢ়াগোহাঁই শিৰত শ্রেষ্ঠ বিহুৱতীৰ খিতাপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in